জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

author-image
Asomiya Pratidin
New Update
জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ ধেমাজিঃ অহা ১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ধেমাজি জিলা প্ৰশাসনে এলানি ৰচনা, বক্তৃতা, খেল, কুইজ আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লগত সংগতি ৰাখি ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু ধেমাজি মহাবিদ্যালয়ৰ সহযোগত বুধবাৰে দিনযোৰা কাৰ্য্যসূচীয়ে ধেমাজি মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Advertisment

প্ৰতিযোগিতাখনত বিভিন্ন মহাবিদ্যালয়ৰ প্ৰায় ডেৰকুৰি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন দুটা শাখাত বিভক্ত কৰি অনুষ্ঠিত কৰা হয়। ক-শাখাত নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। এই শাখাৰ বক্তৃতাৰ বিষয় আছিল "মোৰ সপোনৰ ধেমাজি/ Dhemaji of my Dreams "।

অন্যহাতে খ-শাখাত স্নাতক পৰ্যায়ৰ ছাত্ৰ- ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । এই শাখাৰ বক্তৃতাৰ বিষয় হৈআছিল " ধেমাজিঃ ভিজন ২০৪০/ Dhemaji Vision 2040" প্ৰতিযোগিতাখনত বিচাৰকৰ আসন অলংকৃত কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যাপক ড° দুলুমণি গগৈ, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় অধ্যাপক অংকুশ চুতীয়া আৰু ধেমাজি মহাবিদ্যালয়ৰ অধ্যাপক পূৰ্বজ্যোতি শইকীয়াই।

প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে। প্ৰতিযোগিতাত অংশগ্ৰহণে ছাত্ৰ-ছাত্ৰীক ন ন দিশৰ জ্ঞান প্ৰদান কৰাৰ লগতে আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি বক্তব্য ৰাখি জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। প্ৰতিযোগিতাখনত আদৰণি ভাষণ প্ৰদান কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে।

অনুষ্ঠানটোত ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, উপাধ্যক্ষ দ্বিপেন কাকতি, ধেমাজি মহাবিদ্যালয়ৰ লগতে অন্যান্য মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এই প্ৰতিযোগিতাখনৰ বিচাৰকৰ ফলাফল অনুসৰি ক-শাখাত প্ৰথম স্থান লাভ কৰে মাছখোৱা জুনিয়ৰ কলেজৰ ছাত্ৰী নীহাৰিকা কোঁৱৰে, দ্বিতীয় স্থান লাভ কৰে ধেমাজি মহাবিদ্যালয়ৰ পলী দত্তই আৰু তৃতীয় স্থান অধিকাৰ কৰে ধেমাজি টাউন হাইস্কুলৰ খ্যাতি চুতীয়াই।

অন্যহাতে খ-শাখাত ধেমাজি মহাবিদ্যালয়ৰ হিমন্ত দিহিঙ্গীয়াই প্ৰথম, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ বিকু লেখাৰুয়ে দ্বিতীয় আৰু ধেমাজি মহাবিদ্যালয়ৰ বিতুপন হাজৰিকাই তৃতীয় স্থান লাভ কৰে ।

Also Read: মেৰাপানীত সংঘটিত জঘন্য ঘটনাঃ স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰিলে পত্নীক...

ধেমাজি মহাবিদ্যালয়