দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মণিপুৰত বোমা বিস্ফোৰণ

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মণিপুৰত বোমা বিস্ফোৰণ

ঘটনাৰ পাছতে ৰাজ্য চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে

ডিজিটেল ডেস্ক : দেশৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত মণিপুৰত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা। মঙলবাৰে মাজনিশা ৰাজ্যখনৰ কাংকপি জিলাৰ ২নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হয় বিস্ফোৰণ কাণ্ড।

অৱশ্যে বিস্ফোৰণৰ ফলত এইপৰ্যন্ত কোনো লোক হতাহত হোৱা নাই। কিন্তু বিস্ফোৰণস্থলীৰ ওচৰতে থকা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত একাধিক গাঁতৰ সৃষ্টি হোৱাৰ বাবে যাতায়াতত কিছু ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে।

সেয়েহে প্ৰশাসনে গধুৰ যান-বাহন তথা মালবাহী বাহন চলাচলত বাধা আৰোপ কৰিছে। অৱশ্যে লঘু যান-বাহনৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা জাৰি কৰা নাই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব গৈছিল। মন্ত্ৰী শ্বাহে কৈছিল যে মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰা হ’ব। মণিপুৰত অশান্ত সৃষ্টি কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। পুনৰ ঘূৰাই অনা হ’ব শান্তিপূৰ্ণ পৰিৱেশ।

কিন্তু আজিৰ এই ঘটনাৰ পাছতে সৰৱ হৈ উঠিছে ৰাজ্যখনৰ জাতীয় সংগঠনসমূহ। সংগঠনসমূহে পুৱাই প্ৰশাসনৰে জৰুৰী বৈঠকৰ আহ্বান জনোৱা বুলি জানিব পৰা গৈছে।

আনহাতে উক্ত ঘটনাৰ পাছতে ৰাজ্য চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। ইয়াৰোপৰি সংঘটিত ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত চলাই থকা কথাও জানিব পৰা গৈছে।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মণিপুৰত বোমা বিস্ফোৰণ
ডুবাইত আৱদ্ধ যাত্ৰীৰ মুখত হাঁহি : বিমান কৰ্তৃপক্ষই দিলে সেউজ সংকেত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in