আসন বুজাবুজিৰ দাবীৰে ক'হিমা আৰু ডিমাপুৰত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

নাগালেণ্ডত বিজেপিৰ মাজত বিদ্ৰোহ, এন ডি পি পিৰ সৈতে বিজেপিৰ ৩০:৩০ আসন বুজাবুজিৰ দাবী
নাগালেণ্ডত বিজেপিৰ মাজত বিদ্ৰোহ
নাগালেণ্ডত বিজেপিৰ মাজত বিদ্ৰোহ

ডিজিটেল সংবাদ,ৱাখাঃ আসন বুজাবুজিক কেন্দ্ৰ কৰি নাগালেণ্ড বিজেপিৰ ভিতৰত চ'ৰাত সংঘাতৰ সৃষ্টি হৈছে । নেইফিউ ৰিঅ'ৰ এন ডি পি পিৰ সৈতে ২০:৪০ আসন বুজাবুজি চুক্তিলৈ সম্প্ৰতি নাগালেণ্ড বিজেপিৰ ভিতৰত মুকলি অসন্তুষ্টি আৰু বিদ্ৰোহৰ সূত্ৰপাত ঘটিছে।

শীৰ্ষ নেতৃত্বৰ এই সিদ্ধান্ত বিৰুদ্ধে টিকট প্ৰত্যাশী আৰু বিজেপিৰ কৰ্মীসকলে মংগলবাৰে ক্ৰমে ডিমাপুৰ আৰু ক'হিমাত উত্তাল ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, যোৱা ২২ জানুৱাৰীত উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠনেতা ৱাই পেটনৰ ডিমাপুৰৰ বাসগৃহত একাংশ বিজেপি কৰ্মীয়ে সমবেত হৈ আসন বুজাবুজি চুক্তিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল।

ইয়াৰ পিছত সোমবাৰে ডিমাপুৰত হোৱা প্ৰতিবাদত বিজেপিৰ ১০ জন টিকট প্ৰত্যাশী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকৰ ভিতৰত টেনিং বিধানসভা সমষ্টিৰ টাৰী জেলিয়াং, টুলি সমষ্টিৰ জেমছ য়াডেন, টবু সমষ্টিৰ নেইবা কন্যাক, আঘোনাটো সমষ্টিৰ হুকিয়ে এন টিচিকা,ডিমাপুৰ ১নং সমষ্টিৰ চুপো জামিৰ, ডিমাপুৰ দ্বিতীয় হুকুটো খুলু, ডিমাপুৰ তৃতীয়; মন টাউন সমষ্টিৰ চেয়ং কন্যাক, ফংচিং সমষ্টিৰ কে কনগান কন্যাকক, মোককচাঙ সমষ্টিৰ টেমছু ৱাটি, আৰু লংখিম চাৰে সমষ্টিৰ বিটং চাংটাম ।

তেওঁলোক নিজৰ সমষ্টিত ভেটি সবল কৰি তোলা এন ডি পি পিক এৰি দিব বিচৰা নাই। ইফালে বিজেপি কৰ্মীসকলে ক'হিমা জিলাতো ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয় সন্মুখত টিকটৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপিৰ ক'হিমা জিলাৰ সভানেত্ৰী খ্ৰিলি উছৌৱে কয় যে ক'হিমা জিলাৰ বিজেপিৰ কৰ্মীসকলে ১৫ দক্ষিণ আংগামী প্ৰাক্তন বিধায়ক এৰ ক্ৰ’পল ভিট্ছুক ক'হিমা জিলাত বিজেপিৰ আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে সমৰ্থন জনাইছে। সেয়ে উল্লেখিত সমষ্টিটো তেওঁলোক দাবী কৰিছে ।

ডিমাপুৰত বিজেপিৰ ৬০ গৰাকী মণ্ডলৰ সভাপতিয়ে নগা শ্বপিং আৰ্কেড এলেকাত প্ৰতিবাদ সাব্যস্ত কৰে, য’ত যোগদান কৰে একাংশ ইচ্ছুক প্ৰাৰ্থীয়ে। ৬০টা সমষ্টি থকা নাগালেণ্ডক ৬০খন আসনৰ ভিতৰত মাত্ৰ ২০খন আসনৰ দিয়াতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এখন ৰাজ্যৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ কৰ্তৃত্ব আছেনে বুলি প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁলোকে যুক্তি দিয়ে নাগালেণ্ড বিজেপিয়ে নিজৰ প্ৰাৰ্থী বাছনি কৰিব। ডিমাপুৰৰ মণ্ডল সভাপতি অনন্তো এইচ জিমোমীয়ে দাবী জনায় যে কেন্দ্ৰীয় নেতাসকলে ৰাজ্যিক বিজেপিক বিষয়টোৰ ওপৰত সিদ্ধান্ত ল’বলৈ দিয়ক। বিজেপি নাগালেণ্ডৰ ভাগ্য আনৰ সিদ্ধান্ত লোৱাটো আমি নিবিচাৰো।

তেওঁ কয় যে ২০২২ চনৰ জুন মাহৰ প্ৰতিনিধিত্বত মণ্ডলৰ সভাপতিসকলে এন ডি পি পিৰ মহাসচিব আবু মেথা আৰু নাগালেণ্ডৰ বিজেপিৰ ভাৰপ্ৰাপ্ত বিষয়া নলিন কোহলিয়ে স্বাক্ষৰিত আসন ভাগ-বাটোৱাৰা চুক্তি বাতিল কৰিবলৈ কঠোৰভাৱে দাবী জনাইছিল। ইতিমধ্যে সাংগঠনিক ভেটি সবল হৈ থকাৰ উল্লেখিত সমষ্টিৰ দাবী কৰি ক'হিমা বিজেপিয়ে প্ৰতিদ্বন্দিতাৰ বাবে প্ৰতিলিপি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ,বি.আই সন্তোষ, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, নগালেণ্ড বিজেপি বিধানসভা দলৰ উপ-মুখ্যমন্ত্ৰী তথা নেতা ৱাই পেটন,বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলী,সমিত পাত্ৰ,উত্তৰ-পূব ৰাজ্যৰ বিজেপি প্ৰভাৰী;ঋতুৰাজ সিনহা লৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in