ৰাজনৈতিক প্ৰাসংগিকতা আৰু সমাজ

ৰাজনৈতিক প্ৰাসংগিকতা আৰু সমাজ

"আপুনি গায়ক, আপোনাৰ গান ভাল পাওঁ । আপুনি গানৰ মাজতেই থাকক । ৰাজনৈতিক মতামত নিদিব ।" এই বাক্য এতিয়া সুলভ অসম মুলুকত । কেৱল গায়ক বুলিয়েই নহয় বৰং অভিনেতা, কবি, সাহিত্যিক সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য এনেধৰণৰ ব্যংগাত্মক অথচ গুৰুতৰ দাবী । এই দাবীৰ প্ৰসংগ হৈছে মূলত যিকোনো ধৰণৰ ৰাজনৈতিক প্ৰেক্ষাপট । ৰাজনৈতিক অথবা সামাজিক সিদ্ধান্ত এটি যি ভৱিষ্যতে সমাজত পেলাব পাৰে সুদুৰ প্ৰসাৰী প্ৰভাৱ তেনে সিদ্ধান্তৰ ওপৰত মাত মাতিলেই চৰ্চিত ব্যক্তি অথবা শিল্পী এগৰাকীয়ে সন্মুখীন হয় এনেধৰণৰ বাক্যৰ । এই সন্দৰ্ভতেই আজিৰ বিশেষ প্ৰতিবেদন জয়দীপ নাৰায়ণ দেৱৰ ।

মানুহ সামাজিক প্ৰাণী । যিদৰে এখন সমাজ গঢ়িবলৈ মানুহৰ প্ৰয়োজন, সেইদৰেই মানুহৰ বৰ্তমানত প্ৰয়োজন একোখন সমাজৰ । এই সমাজৰ থাকে নিজস্ব পৰিচয়, ৰাজনীতি, সমাজনীতি, সংস্কৃতি আৰু বহু আনুসংগিক দিশ । এই সমূহ দিশ আওকান কৰিব পৰা নাযায় কোনো কাৰণতেই ।

সোপন্থীয়েই হওক অথবা বাওঁপন্থীয়েই হওক, ৰাজনৈতিক মতাদৰ্শ থকাটো প্ৰয়োজনীয় সকলোৰে বাবে । ভুলেই হওক বা শুদ্ধই হওক, সামাজিক মেৰুদণ্ড থকা উচিত প্ৰতি গৰাকী ব্যক্তিৰ । বৰ্তমানৰ প্ৰেক্ষাপটত প্ৰতিটো গানেই ৰাজনৈতিক, প্ৰতিটো কবিতাই ৰাজনৈতিক আৰু প্ৰতিখন চিনেমাই একেদৰেই ৰাজনৈতিক । তেনেস্থলত এই ক্ষেত্ৰ সমূহৰ সৈতে জড়িত ব্যক্তিসকলৰ ৰাজনৈতিক মতাদৰ্শ থকাটোও স্বাভাৱিক ।

কিন্তু সাংস্কৃতিক অথবা সাহিত্যিক ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তি সকলৰ সমাজ অথবা ৰাজনীতি সম্পৰ্কে দিয়া মতামতক লৈ আমি কিয় ইমান ঋণাত্মক ?

ইংৰাজী সাহিত্যৰ এটি বিশ্ববিশ্ৰুত পংক্তি অনুসৰি, যুদ্ধৰ সময়ত ৰেহাই দিয়া হৈছিল কবি সকলক । কিয়নো পৰৱৰ্তী সময়ত একেখন যুদ্ধৰে ভয়াৱহতাৰ কথা সমগ্ৰ মানৱ সমাজক সোৱৰাই দিয়ে এই কবি সকলেই । এতিয়া অৱশ্যে কেৱল কবি সকলেই নহয় বৰং অস্থিৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ কথা কয় ছবি নিৰ্মাতা, গীতিকাৰ আৰু অভিনেতাই । একেদৰেই কয় গল্পকাৰ আৰু উপন্যাসিকে ।

শেহতীয়াকৈ শ্ৰীলংকাত দেখা গৈছিল প্ৰচণ্ড গৃহযুদ্ধ । এই গৃহযুদ্ধৰ ভয়াৱহতাৰ কথা বৰ্ণনা কৰিছিল লিখক শ্বেহান কৰুণাতিলকাই তেখেতৰ গ্ৰন্থ 'দা ছেভেন মুন অৱ মালি আলমেইদা'ত । যি গ্ৰন্থই লাভ কৰিলে ২০২২ বৰ্ষৰ বুকাৰ বঁটা । ঠিক একদৰেই জাৰ্মান-আমেৰিকান লিখক এৰিখ মাৰিয়া ৰিমাৰ্কৰ বিশ্বযুদ্ধৰ ভয়াৱহতাৰ ওপৰত লিখা প্ৰথমখনি গ্ৰন্থ 'অল কোৱাইট অন দা ৱেষ্টাৰ্ন ফ্ৰন্ট'ত আছিল এদল স্কুলীয়া ছাত্ৰই কিদৰে সকলো পাহৰি জাপ দিছিল যুদ্ধত । এদল ছাত্ৰৰ মাজৰ পৰা উভতি আহিছিল কেৱল আঙুলিৰ মুৰত গণিব পৰা কেইজনমান হে । এই গ্ৰন্থৰ ওপৰত ইতিমধ্যে নিৰ্মাণ হৈছে চিনেমা, তথ্যচিত্ৰ আৰু ধাৰাবাহিক । শেহতীয়াকৈ বি বি চি য়ে নিৰ্মাণ কৰা চলচিত্ৰখনে লাভ কৰিছে অস্কাৰৰ বাবে ৯টা কৈ মনোনয়ন ।

এয়াই হৈছে এখন সমাজৰ ৰাজনৈতিক প্ৰাসংগিকতা । কিন্তু এই প্ৰাসংগিকতা কেৱল যুদ্ধ অথবা অতীতেই সীমাবদ্ধ নহয় । অতীতৰ নিৰ্মোহ সমালোচনা বুৰঞ্জীৰ কাম । বৰ্তমানৰ সমালোচনা তেন্তে কাৰ দ্বায়িত্ব ? কেৱল ৰাজনীতিবিদ আৰু বুদ্ধিজীৱি সকলৰ দ্বায়িত্ব নহয় এইয়া । এই দ্বায়িত্ব সমাজত থকা সকলোৰে । তেনেস্থলত কিহৰ ভিত্তিত সমাজে দাবী কৰে শিল্পী এগৰাকীৰ মতাদৰ্শ কি কি ক্ষেত্ৰত হ'ব পাৰে ?

কেৱল ইয়াতেই শেষ নহয় এই কাহিনী । বৰ্তমানৰ পৰিস্থিতিত শিল্পী, সাহিত্যিক পেঞ্চন আৰু ৰাজনৈতিক দলসমূহৰ আশীষ লাভৰ বাবে ভুল মতাদৰ্শ ৰাইজৰ মাজলৈ প্ৰকাশ কৰাও দেখা যায় বহয় সময়ত । বৰ্তমানৰ পৰিস্থিতিত এয়াই এক ভুল । কেৱল ৰাজনৈতিক মতাদৰ্শ থাকিলেই নহ'ব । যি সময়ত সাংস্কৃতিক আৰু সাহিত্যিক ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তি সকলে সমাজখনক এক বিশেষ দৃষ্টিভংগীৰে প্ৰত্যক্ষ কৰে বুলি ভবা যায়

সেই সময়তেই অৱস্খলনৰ কৰাল গ্ৰাসত আৱদ্ধ সমাজৰ ক্ষয় দেখিও সকলো কুশলে আছে বুলি মন্তব্য কৰাসকলো কোনো গুণেই সুবিধাবাদী ৰাজনীতিবিদতকৈ কম নহয় ।

যি সময়তেই এজন লোকে পৃথিৱীখনক অজস্ৰ ফুল, পাহাৰ, নদীৰ সমন্বয় বুলি ধাৰণা কৰিব পাৰে সেই সময়তেই একেখন পৃথিৱীতে সংঘটিত হৈ থকা হত্যা, বলাৎকাৰ, আত্মহত্যা, দুৰ্ভিক্ষ, মহামাৰী, বানপানী এই সকলো আওকান কৰিব নোৱাৰে । এতিয়া সমগ্ৰ বিষয়টো ব্যক্তিসত্ত্বাৰ ওপৰত নিৰ্ভৰশীল । তেখেতে সমাজৰ অৱক্ষয় দেখিও নীৰৱে থাকিব বিচাৰে নে কেৱল ৰঙা, নীলা, হালধীয়া ৰঙৰ আমেজতেই ডুবি থাকিব বিচাৰে ?

প্ৰশ্ন উত্থাপন হওক সকলো বিষয়ত, গণতান্ত্ৰিক প্ৰতিবাদো হ'ব পাৰে এখন ৰাষ্টত প্ৰয়োজন সাপেক্ষে, সংস্কাৰ হওক দেশৰ । কিন্তু কেৱল নীৰৱে থকা নহওক পদব্ৰজে ঘৰলৈ উভতা শ্ৰমিকৰ ৰে'লে কটা শ'ৰ তেজ লাগি থকা ৰুটিৰ টুকুৰাটো দেখি, উপযুক্ত চিকিৎসাৰ অভাৱত উৰে ৰাতি ধৰফৰাই থকা ৰোগীৰ মৃত্যুত, চিৰাল ফটা মাটিৰ দুখত আত্মহত্যা কৰা কৃষকৰ নিঠৰ দেহটো দেখি । এনে উদাহৰণ অজস্ৰ । দেশত কেৱল ২০২১ চনতে সংঘটিত হৈছিল ৩০ হাজাৰতকৈও অধিক আত্মহত্যা । কি পৰিস্থিতিত এজন লোকে নিজৰ জীৱন কাঢ়ি ল'ব পাৰে সেইয়া অকল্পনীয় । তেন্তে সামাজিক প্ৰাণী হিচাপে আমি কিমান সফল ?

ভাল খবৰবোৰ বিচাৰিব লগীয়া হয় বাতৰিকাকত অথবা ডিজিটেল সংবাদ মাধ্যমৰ পৰ্দাত ।

এনে পৰিস্থিতি ৰাজনৈতিক মতাদৰ্শ নথকাটো হে পাপ । এগৰাকী শিশুক মানৱ সম্পদ ৰূপে গঢ় দিবলৈ প্ৰয়োজন হয় যথেষ্ট সংগ্ৰামৰ । তাৰ ওপৰিও কেৱল সাক্ষৰ কৰি তুলিলেই নহ'ব বৰং শিক্ষিত কৰিবৰ বাবেও প্ৰয়োজন হয় বহু আনুসংগিক কথাৰ । এই সকলোৰে পাছত এগৰাকী ব্যক্তিৰ নিজা ৰাজনৈতিক মতামত থকাটো কোনো অস্বাভাৱিক কথা নহয় । অন্যথা বন্ধ কৰি দিয়া হওক সকলো শিক্ষাৰ উৎস, সংবাদ মাধ্যম, অনাতাৰ কেন্দ্ৰ অথবা সাংস্কৃতিক অনুষ্ঠান । কিয়নো মানুহ থকালৈ এই কন্ঠ ৰোধ কৰিব পৰা নাযাব অনাদি কাললৈ...

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in