/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e2110629-f633-47c5-84e4-72af65acb4d0/AP_FOR_WEB_mizoram.jpg)
মিজোৰামক ড্ৰাগছ মুক্ত আৰু আগশাৰীৰ ক্ৰীড়াৰ ৰাজ্য হিচাপে গঢ়াৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ ভিজন ডকুমেণ্ট উন্মোচন...
ডিজিটেল ডেস্কঃ ড্ৰাগছ মুক্ত মিজোৰাম, ক্ৰীড়া ৰাজ্য আৰু অসমৰ সৈতে সীমা বিবাদ দূৰ কৰাকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতিৰে বিজেপিয়ে শুকুৰবাৰে মুকলি কৰিলে মিজোৰামৰ বাবে ভিডন ডকুমেণ্ট। সমাগত মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই ৰাজ্যখনৰ বাবে ভিজন ডকুমেণ্ট-২০২৩ প্ৰকাশ কৰিছে।
ভিজন ডকুমেণ্ট মুকলিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ। অনুষ্ঠানত জে পি নড্ডাই কয়, বহু ৰাজনৈতিক দলে ঘোষণা পত্ৰ সাধাৰণ কাগজৰ টুকুৰা বুলি ভাৱে। বিজেপিয়ে ভিজন ডকুমেণ্ট তৈয়াৰ কৰাৰ পূৰ্বে গৱেষণা কৰে।
ইয়াৰোপৰি জে পি নড্ডাই কয়, মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে বহু ৰাজনৈতিক দলে নিজৰ লক্ষ্য, মিশ্যন আৰু ৰাজনৈতিক ইস্তাহাৰ লৈ সন্মুখলৈ আহিছে। কিন্তু আমি সেইবোৰ কেৱল কাগজৰ টুকুৰা বুলি ভাবো। তেওঁলোক নিজেই নিশ্চিত নহয় যে, তেওঁলোকৰ দৃষ্টিভংগী, অভিযান বা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ পাৰিব নে নাই। বিজেপিয়ে যেতিয়া এখন ভিজন ডকুমেণ্ট তৈয়াৰ কৰে তেতিয়া ভালকৈ গৱেষণা কৰে।
ইয়াৰোপৰি তেওঁ কয়, ভাৰতক এক ভঙ্গুৰ অৰ্থনীতি হিচাপে গণ্য কৰা হৈছে। আজি কেৱল মই নহয়, আনকি শ্ৰেষ্ঠ অৰ্থনৈতিক নেতাসকলেও সন্মত হৈছে যে ভাৰতেই হৈছে একমাত্ৰ উজ্জল স্থান আৰু ই এক স্থিৰ অৰ্থ ব্যৱস্থা যি আগুৱাই গৈছে।
নড্ডাই কয়, আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপৰ দৰে দেশৰ অৰ্থনীতিক লৈ সমস্যাৰ সৃষ্টি হৈছে কিন্তু আই এম এফে কৈছে ভাৰত এক স্থিৰ আৰু দ্ৰুতগতিত বিকশিত অৰ্থনীতি।যোৱা ৯ বছৰত এইবোৰ সম্ভৱ হৈ উঠিছে।
অনুষ্ঠানতে জে পি নড্ডাই মিজোৰামত এছ ই ডি পি ৰূপায়ণত হোৱা সকলো অনিয়ম, দুৰ্নীতিৰ তদন্তৰ বাবেএক বিশেষ তদন্ত দল গঠন কৰৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে দিয়ে অসম-মিজোৰামৰ সীমা বিবাদ দূৰ কৰাৰ প্ৰতিশ্ৰুতি। তেওঁ কয়, মিজোৰামৰ অসমৰ সৈতে থকা দীৰ্ঘদিনীয়া ভূমি বিবাদ সমাধান কৰি ৰাজ্যখনৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰা হ'ব।
বিজেপিৰ এই ভিজন ডকুমেণ্টত মিজোৰামক ড্ৰাগছ মুক্ত কৰাৰ কথা ঘোষণা কৰা হৈছে। দলটোৱে শাসনলৈ আহিলে ৰাজ্যখনত ড্ৰাগছ-মুক্ত অভিযান আৰম্ভ কৰিব।
ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ বাবে এখন ক্ৰীড়া একাডেমীও স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছে। এই একাডেমীখনৰ বাবে সম্পূৰ্ণ পুঁজি যোগান ধৰাৰ লগতে ফুটবল, মল্লযুঁজ, ভাৰত্তোলন আৰু হকীৰ ওপৰত অধিক গুৰুত্ব দি খেলুৱৈসকলৰ উচ্চাকাংক্ষাৰ বাবে বৃত্তি প্ৰদানৰো ব্যৱস্থাৰ কথা কোৱা হৈছে।
ৰাজ্যখনক এখন আগশাৰীৰ ক্ৰীড়া ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মিজোৰাম অলিমম্পিক মিছন আৰম্ভ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।
অনুষ্ঠানত এক্ট ইষ্ট নীতিৰ কথাও উল্লেখ কৰিছে জে পি নড্ডাই। তেওঁ কয়, এই নীতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ চেহেৰা সম্পূৰ্ণ সলনি কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বাবে ১৫,৮৬৭ কোটি টকাৰ ১৩৫০ টা প্ৰকল্পৰ মঞ্জুৰ কৰা হৈছে। যোৱা ৯ বছৰত ৩.৩৭ লাখ কোটি টকা বাজেট আৱণ্টন দিয়া হৈছে।
দলটোৰ ভিজন ডকুমেণ্টত ৰাজ্যখনৰ লোকসকলক প্ৰতিশ্ৰুতি দি কোৱা হৈছে যে, আয়ুষ্মাম ভাৰতৰ বাৰ্ষিৰ স্বাস্থ্য বীমা ৫ লাখ টকাৰ পৰা ১০ লাখ টকালৈ বৃদ্ধি কৰা হ’ব। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত কৃষকসকলৰ বাবে বাৰ্ষিক ৬,০০০ টকাৰ বিত্তীয় সাহায্য প্ৰতি বছৰে ৮,০০০ টকালৈ বৃদ্ধি কৰা হ'ব।
आइजोल, मिजोरम: भाजपा के राष्ट्रीय अध्यक्ष जे.पी. नड्डा ने मिजोरम विधानसभा चुनाव 2023 के लिए भाजपा का घोषणापत्र जारी करते हुए कहा, "आजकल कई राजनीतिक दल अपने विज़न दस्तावेज़, मिशन दस्तावेज़ और घोषणापत्र के साथ सामने आते हैं लेकिन हमें वे महज़ कागज़ के टुकड़े लगते हैं क्योंकि उन्हें… pic.twitter.com/r2DckeGdqR
— ANI_HindiNews (@AHindinews) October 27, 2023
Also Read: প্ৰাক্তন প্ৰধানমন্ত্ৰীক চিকিৎসা প্ৰদান কৰিবলৈ আমেৰিকাৰ পৰা আহিছে ৩ চিকিৎসক...