
ডিজিটেল ডেস্কঃ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে দলটোৱে আজি ত্ৰিপুৰাৰ আগৰতলাস্থিত তেওঁলোকৰ কাৰ্যালয়ত পূজা, অৰ্চনা কৰিছিল। ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজিব ভট্টাচাৰ্যই ৰাজ্যখনত দলটো পুনৰ ক্ষমতালৈ উভতি অহাৰ ওপৰত আস্থা প্ৰকাশ কৰিছিল।
তেওঁ এই সন্দৰ্ভত কয়, "আমি আজি দলীয় কাৰ্যালয়ত পূজা কৰিছো আৰু মাতা ত্ৰিপুৰেশ্বৰীৰ আশীৰ্বাদ লৈছো। ত্ৰিপুৰাত বিজেপি ক্ষমতালৈ ঘূৰি আহিব। আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম।" ভট্টাচাৰ্যই সংবাদ সংস্থা এএনআইক কয়।
উল্লেখ্য যে, ত্ৰিপুৰা বিধানসভাৰ মুঠ আসনৰ সংখ্যা ৬০ খন। বিজেপিয়ে এই ৬০ খন আসনতে প্ৰতিদ্বন্দিতা কৰিছে। এতিয়াও ৰাজ্যখনত ভোটগণনা অব্যআহত আছে। দলটোৱে ৪০ খন আসনত অগ্ৰগতি লাভ কৰিছে।