সন্ত্ৰাসবাদীৰ সমৰ্থনত মণিপুৰত গঠন হৈছিল বিজেপি চৰকাৰ ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...

সন্ত্ৰাসবাদীৰ সমৰ্থনত মণিপুৰত গঠন হৈছিল বিজেপি চৰকাৰ ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...
সন্ত্ৰাসবাদীৰ সমৰ্থনত মণিপুৰত গঠন হৈছিল বিজেপি চৰকাৰ ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ মুক্ত উত্তৰ পূবৰ লক্ষ্যৰে ৭ বছৰ পূৰ্বে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত গঠন হৈছিল নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ নেডা। নেডা গঠনৰ পাছৰে পৰা উত্তৰ পূবত হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য ক্ৰমে বৃদ্ধি পাইছিল।

নেডাৰ আহ্বায়ক হিচাপে তথা আটাইকেইখন ৰাজ্যতে বিজেপিৰ চৰকাৰ হোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলত আধিপত্য বিস্তাৰ কৰাৰ সমান্তৰালকৈ সৰ্বভাৰতীয় প্ৰেক্ষাপটত নিজকে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিনিধি হিচাপে প্ৰক্ষেপ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু সময় বাগৰাৰ লগে লগে যেন হিমন্ত বিশ্ব শৰ্মাৰ সেই আধিপত্যবাদলৈ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে মণিপুৰৰ সংবাদ মাধ্যমে হিমন্ত বিশ্ব শৰ্মা কোন বুলি সম্পাদকীয় প্ৰকাশ কৰাৰ পাছতেই এতিয়া আকৌ মণিপুৰৰে সন্ত্ৰাসবাদী সংগঠনে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পূৰ্বে লিখা এখন বিস্ফোৰক পত্ৰৰ খবৰ প্ৰকাশ পাইছে।

এই পত্ৰখনত হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত উন্মোচিত হৈছে ভয়ংকৰ তথ্য। মণিপুৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কুকি উগ্ৰপন্থীৰ সহায় লোৱা আৰু এই গোটেই প্ৰক্ৰিয়াত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতা ৰাম মাধৱ জড়িত হৈ থকা বুলি দাবী কৰিছে খোদ কুকি উগ্ৰপন্থী সংগঠনে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ২০১৭ চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱৰ মধ্যস্থতাতে কুকি উগ্ৰপন্থী সংগঠন আৰু বিজেপিৰ মাজত নিৰ্বাচন জয়ৰ বাবে বুজাবুজি হৈছিল৷ এই বাতৰিয়ে এতিয়া সমগ্ৰ ৰাষ্ট্ৰজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।

দাবী উত্থাপন হৈছে নিয়াৰ তদন্তৰ। কংগ্ৰেছে দাবী কৰি কৈছে, উগ্ৰপন্থী সংগঠন আৰু ৰাজনৈতিক নেতাৰ সম্পৰ্ক সন্দৰ্ভত নিয়াই গোচৰ ৰুজু কৰিবনে? বিজেপি সভাপতি জে পি নড্ডাই ব্যৱস্থা ল’বনে?

উল্লেখ্য যে, অগ্নিগৰ্ভা হৈ থকা মণিপুৰত কুকি সম্প্ৰদায়ৰ সৰ্বমুঠ উগ্ৰপন্থী সংগঠন আছে ৩২ টা। ইয়াৰে ২৫ টাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে বুজাপৰা চুক্তি সম্পন্ন কৰি যুদ্ধ বিৰতিত আছে।

তাৰ মাজতে মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে এই যুদ্ধ বিৰতিত থকা কুকি উগ্ৰপন্থীসমূহক দোষাৰোপ কৰি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বাৰে বাৰে মন্তব্য কৰি থকা কাৰ্যত খৰ্গহস্ত হৈ পৰিছে এই সংগঠনসমূহ।

তাৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰত কোৱা হৈছে যে, ২০১৭ ত কুকি উগ্ৰপন্থী সংগঠনৰ সহায়ত মণিপুৰ দখল কৰিছিল বিজেপিয়ে। তেওঁলোকৰ সহায়তে মুখ্যমন্ত্ৰীৰ আসনত বহিছে এন বীৰেন সিং।

এই সন্দৰ্ভত ২০১৯ তে গৃহমন্ত্ৰী অমিত শ্বাহক জনাইছিল এই সংগঠনসমূহে। ইউনাইটেড কুকি লিবাৰেশ্যন ফ্ৰণ্টৰ অধ্যক্ষ এছ এছ হাওকিপে নিয়া আদালতত দাখিল কৰা এক শপতনামাত এই পত্ৰখন সংলগ্ন কৰা হৈছে বুলিও বাতৰিটোত প্ৰকাশ কৰা হৈছে।

সন্ত্ৰাসবাদীৰ সমৰ্থনত মণিপুৰত গঠন হৈছিল বিজেপি চৰকাৰ ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...
মল্লযুঁজাৰুৰ সমৰ্থনত আজি হাৰিয়ানা বন্ধঃ WFI ৰ নিৰ্বাচন ঘোষণা, প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ব্ৰীজ ভূষণে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in