বক্সিং খেলিবলৈ দেশত্যাগ খেলুৱৈৰ...

বক্সিং খেলিবলৈ দেশত্যাগ খেলুৱৈৰ...

ডিজিটেল ডেস্ক : ২০২২ চনৰ ১৬ ছেপ্তেম্বৰৰ কথা । ৰাজহুৱা স্থানত বোৰ্খা নিপিন্ধাৰ বাবে ইৰাণৰ মৰেল পুলিছৰ হাতত মৃত্যুবৰণ কৰিছিল ২২ বছৰীয়া মাহাছা আমিনি নামৰ এগৰাকী যুৱতীয়ে । এই মৃত্যুই পুৰুষতান্ত্ৰিকতাই অতিষ্ঠ কৰি পেলোৱা ইৰাণৰ সমাজত যেন জ্বলা জুইত ঘী ঢলাৰ দৰে কাম কৰিলে । নিমিষতেই জ্বলি উঠিল সমগ্ৰ দেশ । চৌদিশে কেৱল প্ৰতিবাদ । তাৰ মাজতেই ইৰাণৰ ৰাষ্ট্ৰপতি এব্ৰাহিম ৰাইছিয়ে বিবিচিক সাক্ষাৎকাৰ দিবলৈ নাকচ কৰিলে কিয়নো সাক্ষাৎকাৰ ল'বলৈ ওলোৱা জ্যেষ্ঠ সাংবাদিক গৰকীয়ে পৰিধান কৰা নাছিল বোৰ্খা । এই ঘটনাই ইৰাণৰ পুৰুষতান্ত্ৰিক মানসিকতাক উদঙাই দিলে সমগ্ৰ বিশ্বৰ সন্মুখত । কিন্তু ইয়াতেই শেষ নহ'ল ইৰাণৰ বিতৰ্ক ।

২০২৩ চনৰ কথা । ফ্ৰান্সৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ৰোয়ান প্ৰদেশত এগৰাকী বক্সাৰক দেখা গ'ল নিশা নিশা প্ৰশিক্ষণ লৈ থকা অৱস্থাত । ২৮ বছৰীয়া এই বক্সাৰৰ ফটো দেখা গ'ল প্ৰশিক্ষণ লৈ থকা ক্লাবটোৰ দেৱালত । খেলুৱৈ গৰাকীৰ ইচ্ছা এদিন সমগ্ৰ বিশ্বই উপভোগ কৰিব তেওঁৰ খেল ।

এই খেলুৱৈ গৰাকীৰ নাম ছাদাফ খাদেম । কিন্তু এই পৰ্যায় পাবলৈ খেলুৱৈ গৰাকীয়ে কৰিব লগীয়া এক চূড়ান্ত ত্যাগ । বিগত ৩ বছৰে দেশৰ পৰা দূৰৈত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে এই গৰাকী খেলুৱৈয়ে । ৩ বছৰ পূৰ্বেই দেশত্যাগ ছাদাফ খাদেমৰ ।

উল্লেখ্য যে, ইৰাণত থকা অৱস্থাতেই তেহৰাণত বক্সিঙৰ প্ৰতি আকৰ্ষিত হৈছিল খেলুৱৈ গৰাকী । কিন্তু ইৰাণত নিষিদ্ধ মহিলা বক্সাৰৰ ৰিঙত প্ৰৱেশ । তেনেস্থলত খেলুৱৈ গৰাকীয়ে বাধ্য হ'ল দেশত্যাগ কৰিবলৈ ।

যি দেশত বোৰ্খা নিপিন্ধাৰ বাবে ৰাজহুৱা স্থানত মৰেল পুলিছে হত্যা কৰিব পাৰে এগৰাকী যুৱতীক তেনেস্থলত বক্সিং খেলিবলৈ কিদৰে মান্তি হ'ব পাৰে । এয়াই আছিল ইৰাণৰ পুৰুষতান্ত্ৰিক মানসিকতাৰ স্বৰূপ ।

একেই ঘটনা সংঘটিত হ'ল হৈ ছাদাফৰ সৈতেও । এখন প্ৰতিযোগিতাত জয় লাভ কৰি ঘৰলৈ উভতি আহিব বিচাৰিছিল খেলুৱৈ গৰাকীয়ে । কিন্তু খবৰ আহিল বক্সিং খেলাৰ অপৰাধত দেশত উপস্থিত হ'লেই গ্ৰেপ্তাৰ কৰা হ'ব খেলুৱৈ গৰাকীক । তাৰ পাছতেই কোনো দিনেই দেশলৈ উভতি যাবলৈ বিচৰা নাই খেলুৱৈ গৰাকীয়ে ।

খুৱ সম্ভৱ আগন্তুক দিনত সলনি হ'ব সময়, সলনি হ'ব সমাজ । বুজি উঠিব পূৰ্বতে কৰা ভুলবোৰ । তেতিয়ালৈ কেৱল বক্সিং ৰিঙতেই নহয় সমগ্ৰ বিশ্বতেই অব্যাহত থাকিব কুপ্ৰথা সমূহৰ বিৰুদ্ধে যুঁজ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in