ত্ৰিপুৰাত অসম অভিমুখী প্ৰায় ১০ কোটি টকাৰ হেৰ'ইন জব্দ

ত্ৰিপুৰাত অসম অভিমুখী প্ৰায় ১০ কোটি টকাৰ হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাত অসম অভিমুখী প্ৰায় ১০ কোটি টকাৰ হেৰ'ইন জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ শনিবাৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা হৈছে। মিজোৰামৰ পৰা অসমৰ কৰিমগঞ্জলৈ সৰবৰাহ কৰাৰ সময়ত দামছৰা আৰক্ষীয়ে এখন বলেৰো বাহনত তালাচী চলাই জব্দ কৰে হেৰ'ইনখিনি।

Advertisment

বলেৰোখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ১০০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ।‌ বাকচ কেইটাত আছিল প্ৰায় ১কেজি ৩০০ গ্ৰাম হেৰʼইন। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ১০ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ খলিল উদ্দিন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

Also Read: পোহৰৰ দিশে এখোজ...

Assam police