পোহৰৰ দিশে এখোজ...

পোহৰৰ দিশে এখোজ...

-লশ্মিতা শইকীয়া

কোটি কোটি জনতাৰ মুখত স্বতঃস্ফূৰ্ত সুখী-সুখী ভাৱ। হয়-নহয়, হ'ব-নহ'ব ভাৱ-উৎকণ্ঠাৰ ওৰ পেলাই সূৰ্যৰ অভিমুখে আগবাঢ়িল আদিত্য এল-১। ভাৰতৰ চন্দ্ৰজয়ৰ ঠিক পিছ মুহূৰ্ততে বিশ্ববাসীক আচৰিত কৰি আন এক ভাল খবৰ দিছিল ইছৰোৱে। সূৰ্যৰ অভিমুখে আগবঢ়াৰ উদ্দেশ্যেৰে ইছৰোৱে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে আন এক মিছনৰ। যি মিছনৰ নাম- "আদিত্য এল-১"।

২ ছেপ্টেম্বৰ, শনিবাৰ ১১ বাজি ৫০ মিনিট। সফল উৎক্ষেপণ কৰা হ'ল আদিত্য এল-১ৰ। চলিত বৰ্ষৰে ২৮ আগষ্টত কৰা ঘোষণাৰ পাছতেই ২ ছেপ্টেম্বৰত ১৪১ কোটি ভাৰতীয়ৰ উৎকণ্ঠা আৰু ইছৰোৰ চিন্তা-সপোন কঢ়িয়াই শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ ক্ষেত্ৰৰ পৰা সূৰ্যলৈ উৰা মাৰিলে আদিত্য এল-১ মহাকাশযানে। সপোন সপোন লগা কথাবোৰৰ বাস্তৱ উদ্ঘাট কৰাৰ উদ্দেশ্য আদিত্য এল-১ৰ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ এয়া প্ৰথম সূৰ্য অভিমুখী অভিযান। সূৰ্য্যৰ গতিবিধি লক্ষ্য কৰাৰ মানসেৰে আগবঢ়া আদিত্য এল-১ৰ এই যাত্ৰা হ'ব প্ৰায় ১১৫ দিনীয়া। ১১৫ দিনৰ পাছত পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰৈত গৈ সূৰ্যৰ পৰা ১৪৮.৫ মিলিয়ন কিলোমিটাৰ দূৰত্বত ৰৈ আদিত্য এল-১ সাক্ষী হ'ব সূৰ্যৰ বাস্তৱিক পৰিঘটনাৰ।

মহাকাশযানখনৰ পেলোডৰ চুটসমূহে ক’ৰ’নেল হিটিং, ক’ৰ’নেল মাছ ইজেকচন, প্ৰি-ফ্লেয়াৰ আৰু ফ্লেয়াৰ কাৰ্য-কলাপ তথা ইয়াৰ বৈশিষ্ট্যৰ সন্দৰ্ভত কৰিব অধ্যয়ণ । ইয়াৰোপৰি মহাকাশৰ বতৰৰ গতিশীলতা, কণা, ক্ষেত্ৰৰ প্ৰসাৰণ আদি সমস্যাৰ তথ্যও যোগান ধৰিব আদিত্য এল-১য়ে।

ইছৰোৰ এয়া প্ৰথম সূৰ্য অভিমুখী অভিযান হোৱাৰ বিপৰীতে ১৯৮১ চনতে জাপানে সৌৰ ফ্লেয়াৰ অধ্যয়নৰ বাবে প্ৰথমে এনে অভিযান আৰম্ভ কৰিছিল। আৰু ইয়াৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছা আৰু ইউৰোপীয় মহাকাশ সংস্থায়েও ১৯৯০ৰ দশকৰ পৰাই সূৰ্য পৰিদৰ্শন কৰাৰ বিভিন্ন চেষ্টা অব্যাহত ৰাখিছে।

প্ৰযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ গৱেষণাৰ দিশত ভাৰতেও বহু উন্নত ৰাষ্ট্ৰৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে সেয়া পুনৰ বাৰ প্ৰমাণ কৰি আদিত্য এল-১ উৎক্ষেপন কৰিলে ইছৰোৱে। এই ক্ষেত্ৰত ইছৰোৰ যাত্ৰাও মসৃন নহয়। ২০০৮ চনত চন্দ্ৰযান-১ অভিযানৰ সময়তে ইছৰোৱে প্ৰস্তুতি আৰম্ভ কৰিছিল আদিত্য এল-১ৰ। কষ্ট, ধৈৰ্য্য, একাগ্ৰতাৰ পুনৰবাৰ নিদৰ্শন দাঙি সূৰ্যৰ অভিমুখী এই যাত্ৰাত ইছৰোৱে পাৰ কৰিছে প্ৰায় ১৫ বছৰীয়া কণ্টকময় বাট।

বিজ্ঞানৰ সূত্ৰ উনুকিয়াই ইতিহাসৰ পাত লুটিয়াই এই যাত্ৰাৰ সাক্ষী হৈ ৰ'ল সহস্ৰাধিক বিজ্ঞানী-ইঞ্জিনিয়াৰ তথা কৰ্মকৰ্তা। দিন-ৰাতি একাকাৰ কৰি একাগ্ৰ হৈ পৰা সূক্ষ্ম অধ্যয়ণৰ ফচল এই আদিত্য এল-১। ইছৰোৰ কাৰ্যালয়ত কৰ্ম সম্পাদন কৰি ঘৰমুখী হোৱাৰ বাটতো দায়িত্বৰ চিন্তা মগজুতেই আছিল বিজ্ঞানীসকলৰ। কোনোজনে শোৱনি-কোঠাতো নিশা শয়নৰ পৰা জঁপিয়াই কম্পিউটাৰত কিবা-কিবি বিচাৰ-খোঁচাৰ কৰাৰ উদাহৰণো নোহোৱা নহয়।

এসময়ত ইংৰাজী বুজি নাপাই মালয়ালম ভাষাতেই জ্যোতিৰ্বিজ্ঞানৰ কিতাপ পঢ়া ইছৰোৰ অধ্যক্ষ এছ সোমনাথৰ একাগ্ৰতাও এই ক্ষেত্ৰত অনস্বীকাৰ্য। সপোনৰ পম খেদি সফলতাৰ বাটত খোজ দিয়াত এছ সোমনাথেই পালন কৰিলে মুখ্য ভূমিকা। হাৰি হাৰি জিকি যোৱাৰ এনুৱা অভিজ্ঞতা লৈ কণ্টকময় বাটক নেওচি হেলাৰঙে পাৰ কৰিছে ইছৰোৱে।

১১৫ দিনৰ অন্তত আদিত্য এল-১য়ে কি তথ্য দিয়ে সেয়ালৈ বিশ্ববাসীৰ চকু নিবদ্ধ থাকিলেও ২ ছেপ্টেম্বৰ দিনটো যে কষ্ট, একাগ্ৰতা, ধৈৰ্য্যৰ প্ৰতিফলন স্বৰূপে ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ থাকিব ইয়াকনো কোনে নুই কৰিব। আদিত্য এল-১য়ে সফলতা লাভ কৰিলে বিশ্বতেই সূচনা হ'ব নতুনত্বৰ। যি নতুনত্বই পোহৰাব অজ্ঞানতাৰ বাট।

এই কণ্টকময় বাটত সপোনৰ পম খেদি আদিত্য এল-১ৰ সফল উৎক্ষেপণ হোৱাৰ পাছতেই ইছৰোৰ অধ্যক্ষৰ মন্তব্য- এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ল ভাৰত। ইছৰোৰ প্ৰতিজন বিজ্ঞানী তথা কৰ্মকৰ্তাক শুভেচ্ছা জনাই এছ সোমনাথে লগতে ক'লে অহৰহ প্রচেষ্টাতহে সম্ভৱ হৈছে এই যাত্ৰা। যি যাত্ৰাই সূৰ্যৰ বিষয়ে বহু তথ্য দিয়াৰ সমান্তৰালভাবে বায়ুমণ্ডলীয় প্রভাৱৰ বিষয়েও দিব তথ্য। ভাষ্যত এছ সোমনাথেও যেন স্বীকাৰ কৰিলে কণ্টকময় বাটেৰেহে এই সফলতা জিনিছে ইছৰোৱে।

সপোনৰ বাটত সফলতাৰ ৰং সিঁচি এনেদৰেই আগবাঢ়ক ইছৰো। আদিত্য এল-১য়ে দিয়ক আশাৰ ৰেঙনি, পোহৰাই যাওক অজ্ঞানতাৰ বাট। আদিত্যাভিমুখী "আদিত্য এল-১"ৰ প্ৰথমটো খোজত ইছৰোলৈ অভিনন্দন আৰু শুভেচ্ছা...

পোহৰৰ দিশে এখোজ...
আদিত্য এল-১ সৌৰ অভিযানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ইছৰোয়ে..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in