অসম ৰাইফলছ-মিজোৰাম আৰক্ষীৰ যুটীয়া অভিযানঃ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র

অসম ৰাইফলছ-মিজোৰাম আৰক্ষীৰ যুটীয়া অভিযানঃ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র

author-image
Asomiya Pratidin
New Update
অসম ৰাইফলছ-মিজোৰাম আৰক্ষীৰ যুটীয়া অভিযানঃ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মিজোৰামত জব্দ কৰা হৈছে বুজন পৰিমাণৰ মাৰণাস্ত্র। অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীৰ যুটীয়া অভিযান এ কে ৪৭ৰ ১৮০০ সক্রিয় গুলী জব্দ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ লঙটলাই অভিমুখী ৩খন দুচকীয়া বাহনত চলোৱা তালাচীত উদ্ধাৰ কৰা হয় এই গুলীসমূহ। উল্লখ্য যে, ঘটনাৰ সন্দৰ্ভত ২জন ম্যানমাৰৰ নাগৰিকসহ ৩জনক গ্রেপ্তাৰ কৰিছে আৰক্ষী।

Advertisment

ঘটনাৰ অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে প্ৰাৰম্ভিক সোধা-পোছাও কৰিছে। ইপিনে ইয়াৰ পূৰ্বেও এনেধৰণৰ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল অসম ৰাইফলছ বাহিনীয়ে। এইবাৰ ঘটনাৰ সন্দৰ্ভত ম্যানমাৰৰ নাগৰিক গ্রেপ্তাৰ হোৱাত এনে মাৰণাস্ত্ৰ বহিঃৰাজ্যৰ পৰা সৰবৰাহ হোৱাৰ অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

Also Read: মহিলাসহ মনিপুৰৰ ৩ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

assam rifles