মহিলাসহ মনিপুৰৰ ৩ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

মহিলাসহ মনিপুৰৰ ৩ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
মহিলাসহ মনিপুৰৰ ৩ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডিজিটেল সংবাদ, শিলচৰঃ এগৰাকী মহিলাসহ মনিপুৰৰ তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কাছাৰ আৰক্ষীৰ। মনিপুৰ সীমান্তৱৰ্তী জিৰিঘাট থানাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বহিঃৰাজ্যৰ ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক।‌

Advertisment

গ্ৰাহকৰ ওচৰত ব্ৰাউন চুগাৰ বিক্ৰী কৰাৰ সময়ত হাতে লোটে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী তিনিজনক। তেওঁ লোকৰ পৰা এটা ড্ৰাগছ ভৰ্তি পেকেট উদ্ধাৰ কৰা হয়। পেকেটটোৰ পৰা ৯.৬১ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে।

ব্ৰাউন চুগাৰ খিনি মনিপুৰৰ পৰা কাছাৰলৈ বিক্ৰীৰ বাবে অনা হৈছিল। ব্ৰাউন চুগাৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মনিপুৰৰ তিনিও জনকে গ্ৰেপ্তাৰ কৰে। আটক কৰা অভিযুক্ত ব্যক্তি কেইজন হ'ল: জিৰিবাম উচাথোলৰ মাৰ্টিন মাৰ, কাশিমপুৰৰ জবৰ উদ্দিন আৰু মাষ্টট চম্পাৰুণ।

Also Read: শ্ৰীলংকাক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত ভাৰত...

Assam police