আৰক্ষীৰ বৰঘৰ সদৃশ দেৰগাঁৱৰ আৰক্ষীৰ প্ৰশিক্ষণ থলীতে মহিলা আৰক্ষীক ধৰ্ষণৰ অভিযোগ...

আৰক্ষীৰ বৰঘৰ সদৃশ দেৰগাঁৱৰ আৰক্ষীৰ প্ৰশিক্ষণ থলীতে মহিলা আৰক্ষীক ধৰ্ষণৰ অভিযোগ...

ডিজিটেল সংবাদ, দেৰগাঁও : দেৰগাঁৱত সংঘটিত হৈছে আৰক্ষী বিভাগক লজ্জানত কৰা এক ঘটনা । এগৰাকী মহিলা আৰক্ষীক আন এগৰাকী পুৰুষ আৰক্ষী জোৱানে ধৰ্ষণ কৰাৰ দৰে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যোৱা ২২ ফেব্ৰুৱাৰীত আৰক্ষী প্ৰশিক্ষণ থলীত এগৰাকী মহিলা প্ৰশিক্ষণৰত আৰক্ষী অসুস্থ হৈ পৰাত দাস উপাধিৰ এগৰাকী মহিলা আৰক্ষীক সহযোগী হিচাপে দি প্ৰশিক্ষণ থলীৰ ভিতৰৰে কেন্দ্ৰীয় চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়। নিশাৰ ভাগত অসুস্থ মহিলা আৰক্ষী গৰাকীক গৰম পানীৰ প্ৰয়োজন হোৱাত দাস উপাধিৰ মহিলা আৰক্ষী গৰাকীয়ে কাষৰ ৰূমত গৰম পানী ব্যৱস্থা কৰাৰ সময়তে সংঘটিত হয় এই ঘটনা।

সেই সময়ত নিশাৰ ভাগত চিকিৎসালয়খনত কৰ্মৰত হৈ থকা নৱম আৰক্ষী বাহিনীৰ কনিষ্টবল বাবুল ভুঞাই ৰুমটোৰ দুৱাৰ বন্ধ কৰি দাস উপাধিৰ মহিলা আৰক্ষী গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। সেই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাবুল ভুঞাই। পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলা আৰক্ষী গৰাকীয়ে উচ্চ পৰ্যায়ৰ বিষয়াক অৱগত কৰাই যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আনহাতে দেওবাৰে সন্ধিয়াৰ দৈনিক গন্তিৰ সময়ত ভুক্তভোগী মহিলা আৰক্ষীগৰাকী গন্তিস্থলীতে শতাধিক প্ৰশিক্ষাৰ্থীৰ সন্মুখতে যন্ত্ৰণাত কাতৰ হৈ ঢলি পৰাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে । তাৰ পাছতেই উচ্চপদস্থ বিষয়া সকল ঘটনা সম্পৰ্কত অৱগত হয়। নিশাই দেৰগাঁও আৰক্ষীয়ে আটক কৰে অভিযোগ উঠা বাবুল ভুঞা নামৰ আৰক্ষীজনক।

জানিব পৰা মতে আজিয়েই বাবুল ভূঞাক হাজিৰ কৰাব আদালতত । মন কৰিবলগীয়া যে এই ঘটনা সাংবাদিকৰ দৃষ্টিগোচৰ হয় বুলি যথেষ্ট গোপনীয়তা অৱলম্বন কৰিছে আৰক্ষীয়ে । ইতিমধ্যেই ভুক্তভোগী মহিলা আৰক্ষী গৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত দেৰগাঁও আৰক্ষীয়ে গোচৰ নং 43/2023 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 376/ 201/ 506 IPC ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ বৰঘৰ সদৃশ দেৰগাঁৱৰ আৰক্ষীৰ প্ৰশিক্ষণ থলীতে মহিলা আৰক্ষীক ধৰ্ষণৰ অভিযোগ...
জাতিক লৈ ৰেগিং, আত্মহত্যাৰ চেষ্টা, পাছত মৃত্যু চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in