জাতিক লৈ ৰেগিং, আত্মহত্যাৰ চেষ্টা, পাছত মৃত্যু চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ

অকালতে প্ৰাণ গ'ল এগৰাকী মেধাৱী ছাত্ৰী। দেওবাৰে নিশা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়।
জাতিক লৈ ৰেগিং, আত্মহত্যাৰ চেষ্টা, পাছত মৃত্যু চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ

ডিজিটেল ডেস্ক: অকালতে প্ৰাণ গ'ল এগৰাকী মেধাৱী ছাত্ৰী। দেওবাৰে নিশা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। ইয়াৰ ৪ দিন পূৰ্বে তেওঁ আত্মহত্যা কৰাৰ চেষ্টা চলাইছিল।

তেলেংগনাৰ, কাকতিয়া চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত ২৬ বছৰীয়া ছাত্ৰী ডি প্ৰীথি বুধবাৰে জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা নিৰ্যাতন হোৱাৰপাছতেই আত্মহত্যাৰ চেষ্টা কৰিছিল।তাৰ ৪ দিন পাছত চিকিৎসালয়ত নিশাৰ শ্বিফ্টত কাম কৰাৰ পিছত ছাত্ৰী গৰাকীক অচেতন অৱস্থাত পোৱা গৈছিল আৰু সংকটজনক অৱস্থাত হায়দৰাবাদলৈ নিয়া হৈছিল। কিন্তু মৃত্যু হয় ছাত্ৰী গৰাকীৰ।

ছাত্ৰী গৰাকীৰ পিতৃৰ অভিযোগ অনুসৰি দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ মহম্মদ আলী চৈফক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ ছাত্ৰী গৰাকীক তেওঁৰ জাতি সন্দৰ্ভত ৰেগিং চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

ছাত্ৰী গৰাকীৰ পিতৃয়ে অভিযোগ কৰা অনুসৰি এই সন্দৰ্ভত তেওঁলোকে মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনো ব্যৱস্থ নল'লে।

ইতিমধ্যে সম্পন্ন হৈছে ছাত্ৰী গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ। ইয়াৰ ৰিপোৰ্টৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত ৰহস্য। আনহাতে ছাত্ৰী গৰাকীৰ পৰিয়ালে বৰ্তমান পৰ্যন্ত মৃতদেহ চমজি লোৱা নাই।

জাতিক লৈ ৰেগিং, আত্মহত্যাৰ চেষ্টা, পাছত মৃত্যু চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ
পুৱা সাত বজাৰ আৰম্ভ হৈছে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in