পুনৰ অসমৰ ভূমিত নগাৰ উপদ্রৱ: লিখিত অভিযোগৰ পিছতো গুৰুত্ব নাই উপায়ুক্তৰ...

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : অসমৰ ভূমিত অ‍ব্যাহত আছে নগাৰ উপদ্রৱ। মেৰাপানীৰ ডি ছেক্টৰত গড়বস্তিৰ বিতৰ্কিত ভূমি দখল নগাৰ। মাৰণাস্ত্র লৈ ভয়-ভাবুকিৰে অসমৰ দখলীকৃত ভূমিত কৃষি কাৰ্য সম্পাদন কৰিছে নগাই। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী অসমৰ মহিলাই গোলাঘাট জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছিল।

পিছে অভিযোগ দাখিলৰ পিছতো ব্যৱস্থা নলোৱাৰ অভিযোগ উঠিছে জিলা উপায়ুক্তৰ বিৰুদ্ধে। তৰামাই গড় নামৰ মহিলাগৰাকীয়ে দাখিল কৰিছিল উক্ত লিখিত অভিযোগ। বিভাগে এই সন্দৰ্ভত কাণসাৰ নিদিয়াত নগা আগ্ৰাসীয়ে অসমৰ মাটি দখল কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ কথা প্ৰকাশ কৰে।

আনহাতে অসমৰ ভূমি দখল কৰাত চুবুৰীয়া ৰাজ্যসমূহে উঠি-পৰি লগাৰ পিছতো চৰকাৰে এই বিষয়ত অধিক গুৰুত্ব নিদিয়াত চৰকাৰক সমালোচনা কৰিছে সচেতন মহলে। শেহতীয়াকৈ আগ্ৰাসী অৰুণাচলীয়ে অসমৰ ভূমিতেই গছপুলি ৰোপণ কৰিব যোৱা অসমীয়াক হত্যা কৰা ঘটনাই ৰাজ্য জোকাৰি যোৱাৰ পিছতো এই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা নাই চৰকাৰে।

সময়ে সময়ে চুবুৰীয়া ৰাজ্যসমূহৰ লগত সীমা বিবাদকলৈ প্ৰশ্ন উত্থাপন হৈয়ে আছে। যাৰ ভুক্তভুগী হৈছে বহু অসমীয়া। অসমৰ ভূমিত আগ্ৰাসী নগা, অৰুণাচলী, মিজোয়ে চলাই আহিছে উপদ্ৰৱ। ইমানৰ পিছতো ভৌগোলিক সীমা ৰক্ষাৰ ক্ষেত্ৰত উচিত পদক্ষেপ লোৱা নাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে।

প্ৰতীকি ফটো
হায়দৰাবাদৰ বিমান বন্দৰত জব্দ ১৪.২ কোটি টকাৰ হেৰ’ইন; গ্ৰেপ্তাৰ আফ্রিকান মহিলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in