হায়দৰাবাদৰ বিমান বন্দৰত জব্দ ১৪.২ কোটি টকাৰ হেৰ’ইন; গ্ৰেপ্তাৰ আফ্রিকান মহিলা...

হায়দৰাবাদৰ বিমান বন্দৰত জব্দ ১৪.২ কোটি টকাৰ হেৰ’ইন; গ্ৰেপ্তাৰ আফ্রিকান মহিলা

author-image
Asomiya Pratidin
New Update
হায়দৰাবাদৰ বিমান বন্দৰত জব্দ ১৪.২ কোটি টকাৰ হেৰ’ইন; গ্ৰেপ্তাৰ আফ্রিকান মহিলা...

ডিজিটেল ডেস্ক : হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্রীয় বিমান বন্দৰত জব্দ হেৰ’ইন। দেশত দিনক দিনে বৃদ্ধি পোৱা নিচাজাতীয় সামগ্ৰী সেৱন তথা সৰবৰাহৰ মাজতেই শুল্ক বিভাগৰ তালাচীৰ সময়ত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ হেৰ’ইন।

উক্ত হেৰ’ইনখিনিৰ পৰিমাণ হ'ল ২০২৭গ্রাম। আনহাতে হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১৪.২ কোটি টকা। উল্লেখ্য ঘটনাৰ সন্দৰ্ভত আফ্রিকাৰ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। বিমান বন্দৰৰ বিভাগীয় তথ্য অনুসৰি দেওবাৰে নাইৰোবিৰ পৰা আহিছিল মহিলাগৰাকী।

তালাচীত বহিঃৰাষ্ট্ৰৰ পৰা সৰবৰাহ কৰা নিচাজাতীয় সামগ্ৰী ধৰা পৰা এই খবৰ এতিয়া ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মহিলাগৰাকীৰ পৰা অধিক তথ্য লাভ কৰাৰ আশা প্ৰকাশ কৰে বিভাগে।

Also Read: বিধায়ক আৱাসত পাৰ্ক নিৰ্মাণৰ বাবে কাটি তহিলং প্ৰকাণ্ড প্ৰকাণ্ড গছ...

hyderabad Airlines