অসম-নাগালেণ্ড সীমান্তত নাগাৰ আগ্ৰাসন

অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তিত পুনৰ নগাৰ আগ্ৰাসন। অসমীয়া লোকৰ মাটিত গছ-গছনি কাটি তহিলং কৰি ভূমি বেদখলৰ চেষ্টা চলাইছে নগাই।

author-image
Asomiya Pratidin
New Update
অসম-নাগালেণ্ড সীমান্তত নাগাৰ আগ্ৰাসন

ডিজিটেল সংবাদ, মেৰাপানীঃ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তিত পুনৰ নগাৰ আগ্ৰাসন। অসমীয়া লোকৰ মাটিত গছ-গছনি কাটি তহিলং কৰি ভূমি বেদখলৰ চেষ্টা চলাইছে নগাই। স্থানীয় লোকৰ অভিযোগৰ পাছতেই ঘটনাস্থলীত উপস্থিত সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ।

Advertisment

ভূমি বেদখল কৰা নগা লোকক বাধা প্ৰদান কৰিবলৈ যোৱা চি আৰ পি এফকে উভতি ধৰিলে নগাই। মেৰাপানীৰ গড়বস্তিৰ জীতেন চুতীয়া নামৰ ব্যক্তিজনৰ ভোগ দখলত থকা মাটিত নগাই অবৈধভাবে হাবি জংঘল কটাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনাৰ সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী জীতেন চুতীয়াই।

Also Read: কোনে কোনে পাব অস্কাৰঃ একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চায়েন্সে মুকলি কৰিলে মনোনয়ন...

naga border conflict assam nagaland