অসম-মেঘালয় ভূমি বিবাদ সম্পূৰ্ণ শেষ কৰিবলৈ আজি দ্বিতীয় পৰ্যায় প্ৰথমখন বৈঠক...

অসম-মেঘালয় ভূমি বিবাদ সম্পূৰ্ণ শেষ কৰিবলৈ আজি দ্বিতীয় পৰ্যায় প্ৰথমখন বৈঠক...

author-image
Asomiya Pratidin
New Update
অসম-মেঘালয় ভূমি বিবাদ সম্পূৰ্ণ শেষ কৰিবলৈ আজি দ্বিতীয় পৰ্যায় প্ৰথমখন বৈঠক...

অসম-মেঘালয় ভূমি বিবাদ সম্পূৰ্ণ শেষ কৰিবলৈ আজি দ্বিতীয় পৰ্যায় প্ৰথমখন বৈঠক...

ডিজিটেল ডেস্কঃ অসম-মেঘালয় ভূমি বিবাদ সম্পূৰ্ণৰূপে দূৰ কৰাৰ উদ্দেশ্যৰে আজি পুনৰ বৈঠকত মিলিত হ'ব দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী। প্ৰথম পৰ্যায়ত দুই ৰাজ্যৰ বিবাদিত ৬ টা স্থানক লৈ ইতিমধ্যে বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত এতিয়া আন ৬ টা বিবাদিত স্থানক লৈ দুয়োখন ৰাজ্যৰ মাজত আলোচনা আৰম্ভ হ'ব।

Advertisment

ভূমি বিবাদ নিস্পত্তিৰ নিমিত্তে দ্বিতীয় পৰ্যায়ৰ প্ৰথমখন বৈঠক আজি কইনাধৰতাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত অনুষ্ঠিত হ'ব। উল্লেখ্য যে, অসম-মেঘালয়ৰ ভূমি বিবাদ দূৰ কৰাৰ বাবে দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ বিষয়ে যোৱা ১৮ মে'ত প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

সাংবাদিকৰ আগত কনৰাড চাংমাই উল্লেখ কৰিছিল ২৪ মে'ত গুৱাহাটীত দুয়োগৰাকী মুখ্যমন্ত্ৰী পুনৰ বৈঠকত বহিব। এই সন্দৰ্ভত তেওঁ কৈছিল, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কমিটীৰ সদস্যসকলৰ সৈতে ২৪ মে'ত বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।দ্বিতীয় পৰ্যায়ৰ ভূমি বিবাদ দূৰ কৰাৰ বাবে এয়া হ'ব প্ৰথমখন বৈঠক।

উল্লেখ্য যে, ইতিমধ্যে মেঘালয়ৰ সৈতে থকা ভূমি বিবাদ দূৰ কৰিবৰ বাবে প্ৰথম প্ৰচেষ্টা হিচাপে মুঠ ৬ টা স্থানৰ বিবাদ দূৰ কৰি দুয়ো ৰাজ্যই দিল্লীত গৃহমন্ত্ৰীৰ উপস্থিতিত এক বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। অৱশ্যে তাৰ পাছতো এই অঞ্চল কেইটাত ভূমি বিবাদক লৈ সৃষ্টি হোৱা উত্তেজনা হ্ৰাস হোৱা নাই।

এতিয়াও বকোকে ধৰি কেইবাটাও অঞ্চলত মেঘালয়ৰ আগ্ৰাসন চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এইবাৰৰ দ্বিতীয় প্ৰচেষ্টাৰ অংশ হিচাপে দুয়ো ৰাজ্যৰ মাজত চলি থকা বৰদুৱাৰ, লাংপিহ, নংৱাহ-মাওটামোৰ, দেশদুমৰেহ, ব্লক-১, ব্লক-২ আৰু চিয়াৰ-খাণ্ডুলিৰ ভূমি বিবাদ দূৰ কৰাৰ প্ৰচেষ্টা চলিব।

উল্লেখ্য যে, দুয়ো ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰু সংযম ৰক্ষাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ লগত প্ৰতিনিধি দলে এই অঞ্চল কেইটা ভ্ৰমণ কৰিব। আনহাতে অসম, মেঘালয়ৰ মাজত সময়ে সময়ে সৃষ্টি হৈ থকা ভূমি কেন্দ্ৰিক সংঘাটৰ সন্দৰ্ভত দুয়ো ৰাজ্যৰ প্ৰশাসন সচেতন হোৱাৰ কথাও উল্লেখ কৰিছে।

কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মাই শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ বিবাদিত অঞ্চলসমূহৰ ৰাইজক আহ্বান জনাই আহিছে।এই অঞ্চলসমূহৰ স্থায়ী শান্তিৰ বাবে একমাত্ৰ উপায় হিচাপে সীমা সমস্যা সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Also Read: অষ্ট্ৰেলিয়াবাসীক দেৱালী উপভোগ কৰিবলৈ আমন্ত্ৰণ জনালে মোডীয়ে...

হিমন্ত বিশ্ব শৰ্মা কনৰাড চংমা অসম-মেঘালয় ভূমি বিবাদ