অষ্ট্ৰেলিয়াবাসীক দেৱালী উপভোগ কৰিবলৈ আমন্ত্ৰণ জনালে মোডীয়ে...

অষ্ট্ৰেলিয়াবাসীক দেৱালী উপভোগ কৰিবলৈ আমন্ত্ৰণ জনালে মোডীয়ে...
অষ্ট্ৰেলিয়াবাসীক দেৱালী উপভোগ কৰিবলৈ আমন্ত্ৰণ জনালে মোডীয়ে...

ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেট বিশ্বকাপ আৰু দেৱালী উপভোগ কৰিবলৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক ভাৰতলৈ নিমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোডীয়ে। অষ্ট্ৰেলিয়া ভ্ৰমণৰত প্ৰধানমন্ত্ৰী মোডীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজক অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আই চি চি এদিনীয়া বিশ্বকাপ আৰু ১২ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া দেৱালী উপভোগ কৰিবলৈ মোডীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ উপৰিও অষ্ট্ৰেলিয়াবাসীকো আমন্ত্ৰণ জনাইছে।

৩ দিনীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰেলিয়াত থকা মোডীয়ে চিডনীত এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকতে তেওঁ ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্কৰ ঘনিষ্ঠতা ব্যাখ্যা কৰি কয়, ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্ক "টি-২০ মোড"ত প্ৰৱেশ কৰিছে।

"মই প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজ আৰু সকলো অষ্ট্ৰেলিয়ান ক্ৰিকেট অনুৰাগীক এই বছৰৰ ক্ৰিকেট বিশ্বকাপ চাবলৈ ভাৰতলৈ আমন্ত্ৰণ জনাইছো। আপোনালোকে সেই সময়ত দেৱালী উদযাপনো দেখিব।"

ইয়াৰোপৰি মোডীয়ে কয়, যোৱা এবছৰত এইখন আমাৰ ষষ্ঠ বৈঠক। ই দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ গভীৰতা আৰু পৰিপক্কতা প্ৰতিফলিত কৰে। এই দ্বিপাক্ষীক বৈঠকত মোডী আৰু এলবানিছে অষ্ট্ৰেলিয়াৰ মন্দিৰসমূহত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়টো আলোচনা কৰে।

এই বৈঠকতে অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে যে, ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব।

অষ্ট্ৰেলিয়াবাসীক দেৱালী উপভোগ কৰিবলৈ আমন্ত্ৰণ জনালে মোডীয়ে...
তৎপৰ আনন্দ মিশ্ৰ: আত্মসমৰ্পণ ছয় নকল সোণ মাফিয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in