মেঘালয়লৈ নাযাব! গুলীয়াগুলীত মৃত্যু ৬ জনৰ, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট আৰু...

অসম-মেঘালয় সীমান্তৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ মুক্ৰোহত গুলীচালনাৰ ঘটনা সংঘটিত হয়।
মেঘালয়লৈ নাযাব! গুলীয়াগুলীত মৃত্যু ৬ জনৰ, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট আৰু...

ডিজিটেল ডেস্ক: অসম-মেঘালয় সীমান্তৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ মুক্ৰোহত গুলীচালনাৰ ঘটনা সংঘটিত হয়। এই গুলীচালনাৰ ফলত এজন অসম বন বিষয়াসহ ৬ জন লোক নিহত হয়।

ইয়াৰ পিছতে মেঘালয়ে ৰাজ্যখনৰ সাতখন জিলাত ৪৮ ঘণ্টাৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে। মেঘালয় চৰকাৰৰ গৃহ (আৰক্ষী) বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে মঙলবাৰে পুৱা ১০.৩০ বজাৰ পৰা মেঘালয়ৰ সাতখন জিলাত মোবাইল ইণ্টাৰনেট/ডাটা সেৱা স্থগিত ৰখা হৈছে। অন্যহাতে অসমৰ ফালৰ পৰা যোৱা বাহন সমূহল প্ৰৱেশতো বাধা দিয়া হৈছে।

মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে এই ঘটনাত মেঘালয়ৰ ৫ জন আৰু অসমৰ এজন বনকৰ্মীৰ মৃত্যু হয়। অন্যহাতে ঘটনাত আহত সকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

এই সন্দৰ্ভত মেঘালয়ৰ তৰফৰ পৰা এক সংবাদ বিবৃতিও জাৰি কৰা হৈছে। য'ত ঘটনাৰ বিৱৰণী দি ৭ খন জিলাৰ নিষেধাজ্ঞাৰ কথা জনায়।

আৰু পঢ়ক: বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে চাফাই অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in