/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5f7cd0b6-0f49-4f26-9666-7a871da2774a/lachit.jpg)
ডিজিটেল সংবাদ,মোৰাঝাৰ: বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চই মোৰাঝাৰ বজাৰত এক চাফাই অভিযান চলায় । ডবকা ৰাজহ চক্ৰৰ উদ্যোগত আৰু মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চৰ সহযোগত মঙলবাৰে দুপৰীয়া ডেৰ বজাত মোৰাঝাৰ কলেজ ৰোডত চাফাই অভিযান চলায় প্ৰগতিশীল যুৱ মঞ্চৰ সদস্য, মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মোৰাঝাৰ কলেজৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ।
হাতে হাতে ঝাড়ু লৈ কলেজ ৰোডৰ দুয়ো কাষত অভিযান চলাই আৱৰ্জনা আতৰাই পেলায় । বিভিন্ন স্থানত সিচঁৰিত হৈ থকা আৱৰ্জনাবোৰ গোটাই পৰিস্কাৰ কৰি তোলে। চাফাই অভিযানকাৰী দলটোক নেতৃত্ব দিয়ে ডবকা ৰাজহ চক্ৰ বিষয়ানী স্নেহা ভৰালীয়ে ।সন্মুখৰ পৰা নিজেই ঝাড়ু হাতত লৈ ৰাজহ বিষয়ানীয়ে চাফাই কাম চলায়।মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত গছ পুলিও ৰোপণ কৰে চক্ৰ বিষয়ানীয়ে ।
উল্লেখযোগ্য যে , মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চই ৰাজহ চক্ৰ বিষয়ানী স্নেহা ভৰালীক ফুলাম গামোচাৰে আদৰণি জনায় ।
আৰু পঢ়ক: অসমীয়া ছবিৰ প্ৰচাৰৰ বাবে অসমৰ পৰা অৰুণাচললৈ যাত্ৰা সমীৰ ৰয়ৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us