নাগালেণ্ডৰ ভাণ্ডাৰী সমষ্টিৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

অহা পাঁচ বছৰৰ ভিতৰত নগাৰ ৰাজনৈতিক সমস্যা-অসম-নাগালেণ্ড সীমা সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি
নাগালেণ্ডৰ ভাণ্ডাৰী সমষ্টিৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, ৱাখা : "নাগালেণ্ড আৰু অসম চৰকাৰে একেলগে অহা পাঁচ বছৰৰ ভিতৰত দশকজোৰ নগা ৰাজনৈতিক সমস্যা, অসম নাগালেণ্ড সীমা সমস্যা আৰু নাগা জনসাধাৰণৰ উন্নয়ন আৰু বিকাশৰ বহু আঁচনি ৰূপায়ণ কৰিবলৈ গৈ আছো । মই অসমৰ মুখ্য হোৱাৰ পাছত কেৱল অসমৰ উন্নয়ন কথা চিন্তা কৰা নাই বৰঞ্চ প্ৰতিবেশী নাগালেণ্ড আৰু মণিপুৰৰ উন্নয়নৰ কথাও চিন্তা কৰিছো । কাৰণ অসমে অকলে উন্নয়ন কৰিব নোৱাৰে । আমি সকলোৱে উত্তৰ পূৰ্বাঞ্চলবাসীৰ চেতনাৰে আগবাঢ়িব লাগিব ।" এই গুৰুত্বপূৰ্ণ মন্তব্য নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

সোমবাৰে নাগালেণ্ডৰ ৪০ নং ভাণ্ডাৰীৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মহনলুম কিকন হৈ ভাণ্ডাৰীৰ পাবলিক গ্ৰাউণ্ড হোৱা বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ লৈ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, "বিজেপি আৰু এন ডি পি পি মিত্ৰজোঁটে বিগত পাঁচ বছৰ নাগালেণ্ডত এক সুস্থিৰ চৰকাৰ দিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে যিমান চৰকাৰ আহিছিল সকলো উত্থাপন পতনেৰে ভৰা আছিল । কিন্তু বিজেপি আৰু এনডিপিপিৰ নেতৃত্বত শক্তিশালী হোৱাৰ বাবে নাগালেণ্ডৰ ৰাইজক এখন সুস্থিৰ গতিশীল চৰকাৰ দিবলৈ সক্ষম হৈছো।"

তেওঁ কয় বৰ্তমান মিত্ৰজোঁটৰ মাজত সিদ্ধান্ত হৈছে যে বিজেপিয়ে ২০খন আসনত আৰু এনডিপিপিয়ে ৪০ আসনত প্ৰতিদ্বন্দিতা কৰিব । আৰু নেইফিউ ৰিঅৱে পুনৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হ'ব । নগা ৰাজনৈতিক সমস্যাৰ সন্দৰ্ভত নেডাৰ আহবায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা পাঁচ বছৰৰ ভিতৰত বিজেপিয়ে নগা অনন্য বা অদ্বিতীয় ইতিহাসৰ ভিত্তিত দশকজোৰ ৰাজনৈতিক সমস্যাটো সমাধান কৰিবলৈ গৈছে আছে । আমি নগা ৰাইজৰ আশীৰ্বাদ বিচাৰিছো । যাতে নাগালেণ্ডত উন্নয়নৰ নতুন যুগৰ আৰম্ভ হয়। এতিয়া নাগালেণ্ডত মানুহৰ আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত সুসম্পৰ্ক আৰু শান্তি গঢ়ি উঠিছে। দিল্লী আৰু কহিমাৰ মাজতো সুসম্পৰ্ক গঢ়ি উঠিছে । নাগা পিপলছ ফ্ৰণ্টক তীব্ৰ কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে নাগা পিপলছ ফ্ৰণ্টে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে কিয়নো তেওঁলোকে ৬০ আসনৰ ভিতৰত মাত্ৰ ২২টা সমষ্টিত প্ৰাৰ্থী দিছে । চৰকাৰ গঠন কৰিবলৈ ৩১ জন বিধায়কৰ প্ৰয়োজন । এন পি এফে ২২ জন বিধায়ক লৈ কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে । গতিকে ২২ প্ৰাৰ্থী দিয়াৰ অৰ্থ হৈছে তেওঁলোকে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে । খেল আৰম্ভ হোৱাৰ আগতে নাগা পিপলছ ফ্ৰণ্টে চৰকাৰৰ গঠন কৰিব নোৱাৰো বুলি হাত দাঙি দিলে । গতিকে ভাণ্ডাৰীৰ ৰাইজে পৰাজিত দলৰ প্ৰাৰ্থী জয়ী কৰা ভোট নষ্ট কৰিব নালাগে । আমি বিৰোধী পক্ষত বহিবলৈ বিধায়ক নিৰ্বাচন নকৰো । ভাণ্ডাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী মহনলুম কিকন এজন ৰাষ্ট্ৰীয় তথা গতিশীল যুৱ উদ্যমী নেতা । ভৱিষ্যতৰ উন্নয়ন তেওঁৰ কান্ধতহে ন্যস্ত আছে । মহনলুম কিকনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বহুত মৰম কৰে । তেওঁ মোডী আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ সোঁহাতস্বৰূপ । সেয়ে মই আজি ভাণ্ডাৰী সমষ্টিলৈ নেডাৰ আহ্বায়ক বাবে বিজেপিৰ নেতা হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ অহা নাই মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিনিধি ভাণ্ডাৰী সমষ্টিলৈ আহিছো । তেওঁ নাগালেণ্ডবাসীৰ দীৰ্ঘদিনীয়া আশাৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ টিজিত পৰা ভাণ্ডাৰী হৈ ডিমাপুৰৰ খেৰমহলৈ প্ৰায় তিনিশ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফুটহিলছ পথটো নিৰ্মাণত সহযোগিতা কৰাৰ লগতে ১০ শতাংশ পুঁজি অসম চৰকাৰে ধৰিব বুলি ঘোষণা কৰে। আনহাতে অসম নাগালেণ্ড সীমা সমস্যা শীঘ্ৰে সমাধান কৰিব বুলি তেওঁ উল্লেখ কৰে ।

হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে নাগালেণ্ডৰ পৰা শিল- বালি অসমলৈ সৰবৰাহ কৰা ক্ষেত্ৰত ‌দ্বৈত কৰ দিব নালাগে আৰু ব্যৱসায় ক্ষেত্ৰত কোনোধৰণৰ সমস্যাৰ সন্মুখীন হব নালাগে বুলি নাগালেণ্ডবাসী কয় । তেওঁ কয় নগা অসমীয়াই কাজিয়া কৰিলে কোনো লাভ নাই বৰঞ্চ একেলগে এটা পৰিয়ালৰ দৰে বুজাবুজিৰে উন্নয়ন কৰিব লাগিব। শীঘ্ৰেই নাগালেণ্ড আৰু অসমে একেলগে খাৰুৱা তেল উৎপাদন কৰিব যাতে নাগালেণ্ডৰ লাভ আৰু উন্নয়ন সাধন কৰিব পাৰে। ইয়াৰ পূৰ্বে এন ডি পি পিৰ নেতা তথা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ প্ৰেছ উপদেষ্টা আবু মেথাই উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটক জয়ী কৰাবলৈ আহবান জনায় ।

নিৰ্বাচনসভাত বিজেপি প্ৰাৰ্থী মহনলুম কিকনে বিজেপিয়ে বিগত পাঁচ বছৰত নাগালেণ্ডত বহু উন্নয়নৰ আঁচনি ৰূপায়ণ কৰিছে সেয়ে পুনৰ বিজেপি ভোট দিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে ৪০ ভাণ্ডাৰী সমষ্টিত তীব্ৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ চলি থকাৰ মাজতে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰে পুনৰ বিজেপি পক্ষে বতাহ বোৱাবলৈ সক্ষম হোৱা বুলি নগা ৰাইজে মতপোষণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in