/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f29a1e06-5e03-4a34-b567-50eb2c683b09/Pijush.jpg)
ডিজিটেল ডেস্ক: দীৰ্ঘদিনীয়া অসম-অৰুণাচলৰ সীমা বিবাদৰ মাজতে অসম আৰু অৰুণাচলৰ মাজত চুক্তি স্বাক্ষৰ। অসম-অৰুণাচলৰ সীমা বিবাদক লৈ দুয়োখন ৰাজ্যৰ মাজত সময়ে সময়ে সংঘাতৰ সৃষ্টি হৈ আহিছে। দুয়োখন ৰাজ্যৰ সীমামূৰীয়া লোকে এই ক্ষেত্ৰত বহুতো সমস্যাৰো সন্মুখীন হৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7476aaf6-369a-4ee1-80f6-71e44c639b19/WhatsApp_Image_2023_04_11_at_11_29_04_AM.jpeg)
তেনে সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ ৰাজ্য দুখনৰ মাজত এক চুক্তি স্বাক্ষৰ কৰাৰ পৰিলক্ষিত হয়। উক্ত চুক্তি অনুসৰি অৰুণাচলৰ ভূসম্পত্তি আৰু অসমৰ ভূসম্পত্তিৰ সালসলনি কৰা হ'ব। উল্লেখ্য যে, দুয়োখন ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত সীমাৰ উপযুক্ত ভাগ-বতৰা নোহোৱাত কিছু সমস্যাৰ সন্মুখীন হৈ আহিছে। অসমৰ সীমাত অৰুণাচল চৰকাৰে অগ্ৰাধীকাৰ গ্ৰহণ কৰি বহু বছৰৰ পৰাই চৰকাৰী কাৰ্যালয় স্থাপন তথা বিভিন্ন ৰাজহুৱা, ব্যক্তিগত কাম-কাজ চলি থকাত বৰ্তমান সেই ভূমি চুক্তি অনুসৰি আইনী ভাৱে অৰুণাচলক প্ৰদান কৰাৰ ভূমিকা গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d71899d3-caa5-4738-848c-30a7f6af1bfd/WhatsApp_Image_2023_04_11_at_11_29_03_AM.jpeg)
আনহাতে অসম চৰকাৰে সেই একেই চুক্তি অনুসৰি প্ৰদান কৰা ভূমিৰ বাবদ অন্য স্থানত অৰুণাচলৰ পৰা সম-পৰিমাণৰ ভূমি গ্ৰহণ কৰিব। এই স্বাক্ষৰত উপস্থিত থাকে অৰুণাচল চৰকাৰৰ মন্ত্ৰী তথা বিষয়া কৰ্মচাৰী। আৰু অসমৰ হৈ ভূমি পৰ্যবেক্ষণ তথা চুক্তি স্বাক্ষৰত উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰীকা আৰু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/34b12c35-9d4e-4af9-9b81-7465200e9a21/WhatsApp_Image_2023_04_11_at_11_29_06_AM.jpeg)
Also Read: পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ খাদ্যৰ বাবে বৃক্ষৰোপন কাৰ্যসূচী...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us