/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5c0b64e4-4a58-4f2b-8ca1-d52abbfcb1b9/Tree_Plantation.jpg)
ডিজিটেল সংবাদ, নগাঁও : ৰাজ্যত হাতী মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ কামপুৰৰ এটি বেচৰকাৰী সংস্থাৰ বিশেষ পদক্ষেপ। কাৰ্যলয়টোৰ অন্তৰ্গত পশ্চিম কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া ৰজা গাঁও ধনশালাৰ মাজত থকা পাহাৰত হাতী মানুহৰ সংঘাত বছৰ বছৰ ধৰি ৰখা অব্যাহত আছে। যাৰ পৰিপ্ৰেক্ষিতত বহু লোক মৃত্যুৰ মুখত পৰিছে আৰু অনেক পৰিয়ালৰ ঘৰ ভেটি উচন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6e70c9f4-87ca-4863-baf7-20997fbb3a59/WhatsApp_Image_2023_04_11_at_11_04_14_AM.jpeg)
এই সমস্যা সমাধানৰ বাবে সেউজ অসমী বৰপানী পৰীয়া স্বেচ্ছাসেৱী কৃষি সমবায় সমিতি আৰু গাঁৱৰ ৰাইজৰ সহযোগত পাহাৰ পৰিস্কাৰ কৰি ১৫ হাজাৰ জোপা কল গছ তথা অন্যান্য ফল মূলৰ গছ ৰোপনৰ ব্যৱস্থা কৰিছে। পৰিৱেশ সেউজীকৰণ হোৱাৰ লগতে গছ সমূহৰ ফল হাতীয়ে খাদ্য হিচাপে গ্ৰহণ কৰিব এই পদক্ষেপ গ্ৰহণ কৰে সংস্থাটোৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f9f68f2a-7b22-431c-b94f-bbd92bf006e9/WhatsApp_Image_2023_04_11_at_11_04_13_AM.jpeg)
দীৰ্ঘদিনীয়া সমস্যাৰ যাতে সমাধানৰ বাট মুকলি হয় সেই উদ্দেশ্য আগত ৰাখি এমাহ ধৰি চলিব লগা এই কাৰ্যসূচীৰ সোমবাৰে শুভাৰম্ভ কৰে ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্মামীয়ে। কচুৱাৰ ৰজাগাঁৱৰ ধৰমশালাত বৃক্ষৰোপনৰে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ পিছত ৰজাগাঁও শংকৰদেৱ বিদ্যানিকেতনত বৃক্ষৰোপন আৰু আৰু সভা অনুস্থিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c7ea6950-9184-43ce-8f65-a9f4500f9cc6/WhatsApp_Image_2023_04_11_at_11_04_10_AM__1_.jpeg)
এমাহজোৰা এই বৃক্ষৰোপন কাৰ্যসূচীত মঠ-মন্দিৰ; শিক্ষানুস্থানকে ধৰি ৰাজহুৱা স্থানত কলগছ; বাঁহগছ আৰু ঔষধি গছৰোপন কৰিব। উল্লেখযোগ্য যে এছ. এল. এ.ছি.'য়ে অসমৰ যি সমূহ অঞ্চলত হাতী মানুহৰ সংঘাত হৈ আহিছে, তেনে অঞ্চলত এই সমস্যাটো সমাধানৰ বাবে স্থানীয় দল, সংগঠন বা ৰাইজ যদি আগবাঢ়ি আহে তেতিয়া সকলো ধৰণৰ সহায় সহযোগিতা কৰিবলৈ প্ৰস্তুত আছে বুলি জানিব দিয়ে ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্মামীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/691e4b17-24e2-4e2b-b405-9434e3a41e9c/WhatsApp_Image_2023_04_11_at_11_04_11_AM.jpeg)
সেউজ অসমী বৰপানী পৰীয়া স্বেচ্ছাসেৱী কৃষি সমবায় সমিতিৰ সম্পাদক তিলেশ্বৰ দাসে আঁত ধৰা অনুস্থানটোত ৰাজ্যিক বি জে পিৰ কাৰ্যনিৰ্বহক সদস্য উত্তম চন্দ্ৰ দাস, অসম হকী সন্থাৰ উপদেষ্টা ব্ৰজেন কাকতি; ৰাজ্যিক টুণামেণ্ট কমিটিৰ সভাপতি যুধিষ্ঠীৰ গগৈ; ভাৰতীয় কৃষান সংঘৰ নগাঁও জিলাৰ সম্পাদক কিৰাত নাৰায়ন বৰা আদি উপস্থিত থাকে।
Also Read: বজাৰত খোৱা পানীৰ নামত বৰবিহ...