/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/93be3fa3-61c0-4c4e-ab67-555143af3f3c/Arunachal_Chayduwar.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : অৰুণাচল প্ৰেছ ক্লাব আৰু অৰুণাচল প্ৰদেশ ইউনিয়ন অফ ৱৰ্কিং জাৰ্নেলিষ্টৰ আতিথ্যত ইটানগৰস্থিত অৰুণাচল প্ৰেছ ক্লাবত শুকুৰবাৰে বিশ্বনাথ জিলাৰ একাংশ সাংবাদিক আৰু ইটানগৰৰ একাংশ সাংবাদিকৰ "সম্প্ৰীতিৰ এনাজৰী" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়। অৰুণাচল প্ৰেছ ক্লাবৰ উপ-সভাপতি বেংগিয়া আজুমৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোৰ আঁত ধৰে ডি ৱাই ৩৬৫ৰ ইটানগৰৰ সাংবাদিক তথা অৰুণাচল প্ৰেছ ক্লাবৰ উপদেষ্টা মুকুল পাঠকে।
দুয়োখন ৰাজ্যৰ প্ৰায় অৰ্ধশতাধিক সাংবাদিক উপস্থিত থকা অনুষ্ঠানটোত প্ৰতিগৰাকীয়ে নিজৰ নিজৰ পৰিচয় ডাঙি ধৰাৰ পিছত অসমৰ সাংবাদিক সকলে অৰুণাচলৰ সাংবাদিক সকলক ফুলাম গামোচাৰে আৰু অৰুণাচলৰ সাংবাদিক সকলে অসমৰ সাংবাদিক সকলক তেওঁলোকৰ পৰম্পৰাগত জাতীয় বস্ত্ৰৰে সাদৰ-সম্ভাষণ জ্ঞাপন কৰে।
অৰুণাচল প্ৰদেশ ইউনিয়ন অফ ৱৰ্কিং জাৰ্নেলিষ্টৰ সভাপতি অমৰ চাংন'ৱে আদৰণি ভাষণ আগবঢ়োৱা ব্যতিক্ৰমী অনুষ্ঠানটোত বিশ্বনাথ জিলাৰ উপস্থিত সাংবাদিক সকলৰ হৈ নিৰঞ্জন হাজৰিকা, বসন্ত বৰা, ভুৱন শইকীয়াই আৰু ইটানগৰৰ সাংবাদিক সকলৰ হৈ অৰুণাচল প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ডেমিয়েল লেপছা আৰু অৰুণাচল প্ৰদেশ ইউনিয়ন অফ ৱৰ্কিং জাৰ্নেলিষ্টৰ সাধাৰণ সম্পাদক চ'নাম জেলিয়ে দুয়োখন ৰাজ্যৰ সমন্বয় আৰু ভাতৃত্ববোধ অধিক সূদৃঢ় কৰাৰ ওপৰত বহল বাখ্যা আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ba4fd42c-26f9-45e9-bc6b-3f34211d966b/WhatsApp_Image_2023_04_21_at_8_23_10_PM.jpeg)
অনুষ্ঠানটোত যি কোনো বিবাদ মান বাতৰি কৰাৰ আগতে সঠিক আৰু শুদ্ধ তথ্যৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনোৱা হয়। ৰাজ্য দুখনৰ স্পৰ্শকাতৰ বিষয় সমূহৰ ক্ষেত্ৰত উৰা বাতৰিক প্ৰাধান্য নিদি দুয়োখন ৰাজ্যৰ সাংবাদিকে সহযোগিতাৰে কাম কৰি যোৱাৰ পোষকতা কৰা হয় উক্ত অনুষ্ঠানত। প্ৰয়োজন হ'লে দুয়োখন ৰাজ্যৰ সাংবাদিকে যৌথ ভাৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি বাতৰি পৰিৱেশন কৰাৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনোৱা হয় । টি আৰ পি কেন্দ্ৰীক ব্ৰেকিং নিউজৰ অসুস্থ প্ৰতিযোগিতা পৰিহাৰ কৰি উপযুক্ত তথ্যৰ আধাৰত বাতৰি পৰিৱেশন কৰিবলৈ অনুষ্ঠানটোৰ জৰিয়তে সকলোৰে প্ৰতি অনুৰোধ জনোৱা হয়।
দুয়োখন ৰাজ্যৰ মাজত শান্তি-সম্প্ৰীতি অটুট থকা আৰু সমম্বয়ৰ এনাজৰীডাল অধিক সুদৃঢ় কৰাৰ স্বাৰ্থত দুয়োখন ৰাজ্যৰ সাংবাদিক সকলৰ যথেষ্ট কৰণীয় আৰু দায়িত্ব আছে বুলি উপস্থিত সকলোৱে মত প্ৰকাশ কৰে। "এ-আৰ" ৰেজিষ্টেচনৰ গাড়ী দেখিলেই অসম আৰক্ষীয়ে প্ৰায়েই হাৰাশাস্তি কৰি অহা কাৰ্যকো বন্ধ কৰিবলৈ অনুষ্ঠানটোৰ জৰিয়তে অসম আৰক্ষীৰ প্ৰতি কাতৰ অনুৰোধ কৰে অৰুণাচল প্ৰেছ ক্লাব আৰু অৰুণাচল প্ৰদেশ ইউনিয়ন অফ ৱৰ্কিং জাৰ্নেলিষ্টে। অনুষ্ঠানটোত সকলোৱে তেল পিঠা, তিল পিঠা, নাৰিকল লাড়ু আৰু চিৰা-দৈৰ সোৱাদ লৈ বিহু হুঁচৰিৰ দলৰ লগত সকলো সাংবাদিকে বিহু মাৰি আনন্দ-ফূৰ্তি কৰে। এই ব্যতিক্ৰমী অনুষ্ঠানটোৱে দুয়োখন ৰাজ্যৰ সাংবাদিক সকলৰ মাজত ভাতৃত্ববোধ যথেষ্ট বৃদ্ধি কৰি তুলিব বুলি আশা কৰিব পৰা যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/49558aa2-83ed-4834-bd07-2e86604b9eb1/WhatsApp_Image_2023_04_21_at_8_23_10_PM__1_.jpeg)
উক্ত অনুষ্ঠানত বিশ্বনাথ জিলাৰ একাংশ সাংবাদিকৰ মাজৰ পৰা ভাস্কৰ জ্যোতি ভূঞা, দীপ কুমাৰ শৰ্মা, ৰমেন বৰা, বিপ্লৱ নেওগ, পৰাশ শইকীয়া, পলাশ ফুকন, সমীৰণ বৰা,অমৰজ্যোতি ৰয়, ভাস্কৰ দাস, পুলক হাজৰিকা, অৰবিন্দ নেৱাৰ আৰু ইটানগৰৰ সাংবাদিক সকলৰ মাজৰ পৰা অমৰ চাংন', বেংগিয়া আজুম, ডেমিয়েন লেপছা, চ'নাম জেলি, জকেন এটে, টেছি টাট, টালাৰ য়ূটো, অজয় ৰয়, ৰাজ প্ৰধান, জয়ন্ত বৰা, টাগু নিংগি, ইন্দু ছুকু, শোভা নুৰাং, কাৰ্পি বাছাৰ, কুনু ব'ৰাং,জাহ্নৱী গগৈ আদি উপস্থিত থাকি পৰিৱেশটো আনন্দমুখৰ কৰি তোলে।
অনুষ্ঠানটোৰ শেষত সংবাদ মাধ্যমৰ আগত লাইভ চেভেন চিষ্টাৰৰ্ছৰ মুখ্য সম্পাদক ভুৱন শইকীয়াই কয় যে, ১৯৮২ চনতে গঠন হোৱা অৰুণাচল প্ৰেছ ক্লাবত অসমৰ একাংশ সাংবাদিকৰে অৰুণাচলৰ সাংবাদিকৰ মাজত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সম্প্ৰীতিৰ অনুষ্ঠানটোৱে এক ইতিবাচক প্ৰভাৱ পেলাব। তদুপৰি দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ কালি অন্ত পৰাৰ পিছত আজি অনুষ্ঠিত উক্ত অনুষ্ঠানটোৱে ৰাজ্য দুখনত এক সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে ভুৱন শইকীয়াই।
Also Read: উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সহজ উপায়...