/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8eb9405c-3b01-417d-b9b6-0082f59d592f/ARUNACHAL_30.jpg)
অৰুণাচলত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পালে ৮ জনলৈ
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত আৰু এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত ৰাজ্যখনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত বিজেপি প্ৰাৰ্থীৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পায়। উল্লেখ্য যে, ৩০ মাৰ্চ, ২০২৪ শনিবাৰ আছিল অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।
এই অন্তিমটো দিনত মনোনয়ন প্ৰত্যাহাৰ কৰে বায়ামছো ক্ৰীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিলে। ফলত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী তথা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে।
আজি বায়ামছো ক্ৰীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত ৰাজ্যখনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বিজেপিৰ প্ৰাৰ্থীৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে। এইসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, মুটশ্বু মিথি, হেগে আপাৰ দৰে শক্তিশালী প্ৰাৰ্থী।