দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী, এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এগৰাকী বৈজ্ঞানীকক আজি প্ৰদান কৰা হ'ল ভাৰত ৰত্ন....

ৰাষ্ট্ৰপতি ভৱনত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান
দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী, এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এগৰাকী বৈজ্ঞানীকক আজি প্ৰদান কৰা হ'ল ভাৰত ৰত্ন....
দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী, এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এগৰাকী বৈজ্ঞানীকক আজি প্ৰদান কৰা হ'ল ভাৰত ৰত্ন....

ডিজিটেল ডেস্কঃ আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পূৰ্বৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং, বিহাৰৰ ভূতপূৰ্ব প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰ আৰু সেউজ বিল্পৱৰ জন্মদাতা এম এছ স্বামীনাথনক মৰোণোত্তৰভাৱে প্ৰদান কৰিলে ভাৰত ৰত্ন সন্মান। অৱশ্যে ভাৰত ৰত্ন সন্মান ঘোষণা কৰা বিজেপিৰ পূৰ্বৰ সভাপতি, অটল বিহাৰী মন্ত্ৰীসভাৰ উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীক এই অনুষ্ঠানত দেশৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হোৱা নাই।

শাৰীৰিক অসুস্থতাৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব নোৱাৰা আদৱানীক দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাসগৃহলৈ গৈ তাতেই তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ভাৰত ৰত্ন সন্মান। উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে এইবাৰ মুঠ ৫ জন ব্যক্তলৈ আগবঢ়াইছে ভাৰত ৰত্ন সন্মান।

২০১৪ ত প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰৰ কাৰ্যকালত পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, পূৰ্বৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে মুঠ ৪ জনলৈ আগবঢ়াইছিল ভাৰত ৰত্ন সন্মান। মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তত পুনৰ ৫ গৰাকী লোকলৈ ভাৰত ৰত্ন সন্মান আগবঢ়োৱাত এতিয়া সৰ্বমুঠ ভাৰত ৰত্ন লাভ কৰা ব্যক্তিৰ সংখ্যা হ’লগৈ ৫৩ গৰাকী।

যোৱা ৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৯৬ বছৰীয়া লাল কৃষ্ণ আদৱানীক ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰিছিল। নতুন যুগৰ প্ৰৱৰ্তক হিচাপে বিখ্যাত পূৰ্বৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও। তেওঁৰ দিনতে উদাৰীকৰণ নীতি গ্ৰহণ কৰা হৈছিল। যি নীতিয়ে দেশৰ অৰ্থ ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আনিছিল।

সেইদৰে চৌধুৰী চৰণ সিং আছিল কৃষক দৰদী। দেশৰ পঞ্চম প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙে কৃষকৰ হিতৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বাবে তেওঁক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবেই এম এছ স্বামী নাথনকো ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে। এম এছ স্বামী নাথন আছিল সেউজ বিপ্লৱৰো জন্মদাতা।

বিহাৰৰ ভূতপূৰ্ব প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰক জননায়ক হিচাপে জনা যায়। তেওঁ দুবাৰৰ বিহাৰৰ মুখ্যমন্ত্ৰী আৰু এবাৰ আছিল উপ-মুখ্যমন্ত্ৰী। অতি সৰল জীৱন প্ৰণালীৰ লগতে উচ্চ চিন্তাৰ গৰাকী এইগৰাকী নেতাৰ নাম কেৱল বিহাৰৰ ৰাজনীতিতে নহয় দেশৰ ৰাজনীতিতে সন্মানেৰে লোৱা হয়।

আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত চৌধুৰী চৰণ সিঙৰ হৈ নাতি জয়ন্ত সিঙে, পি ভি নৰসিংহ ৰাওৰ হৈ পুত্ৰ পি ভি প্ৰভাকৰ ৰাওৱে, কৰ্পুৰী ঠাকুৰৰ হৈ পুত্ৰ ৰাম নাথ ঠাকুৰে আৰু এম এছ স্বামী নাথনৰ হৈ তেওঁৰ কন্যা নিত্যা ৰাওৱে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে এই সন্মান। বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়কে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে।

দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী, এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এগৰাকী বৈজ্ঞানীকক আজি প্ৰদান কৰা হ'ল ভাৰত ৰত্ন....
বৰপেটাৰোডত ট্ৰাকে খুন্দিয়ালে স্কুটীকঃ একে পৰিয়ালৰ ৩ কিশোৰ-কিশোৰী নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in