পাকে পাগা হৰ্ণবিল মহোৎসৱত এথলেটিকছ চাইকেল ৰেচিংত প্ৰথম স্থান দখল টাজুম ধৰেৰ

অসম অৰুণাচল সীমান্তৱৰ্তী চিজুছাৰ ইষ্ট কামেং জিলাত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পাকে পাগা হৰ্ণবিল মহোৎসৱ শনিবাৰে সফলৰূপে সম্পন্ন হয় ।

author-image
Asomiya Pratidin
New Update
পাকে পাগা হৰ্ণবিল মহোৎসৱত এথলেটিকছ চাইকেল ৰেচিংত প্ৰথম স্থান দখল টাজুম ধৰেৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম অৰুণাচল সীমান্তৱৰ্তী চিজুছাৰ ইষ্ট কামেং জিলাত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পাকে পাগা হৰ্ণবিল মহোৎসৱ শনিবাৰে সফলৰূপে সম্পন্ন হয় ।

Advertisment

উক্ত মহোৎসৱভাগত অন্তিম দিনা অনুষ্ঠিত কৰা এথলেটিকছ চাইকেল ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা টাজুম ধৰেই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় । খেলুৱৈ টাজুমে ইটানগৰৰ পৰা চাইকেল ৰেচিং আৰাম্ভ কৰি চিজুছাৰ পাকে পাগা হৰ্ণবিল মহোৎসৱস্থলীত দ্ৰুত বেগেৰে আহি তিনি ঘন্টাত সম্পন্ন কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে খেলুৱৈ টাজুমে ৰাষ্ট্ৰীয় পৰ্যায়ত পাঁচ বাৰকৈ এথলেটিকছ চাইকেল ৰেচিংত প্ৰথম স্থান দখল কৰি এক ৰেকৰ্ড গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

Also Read: অবৈধ সম্পৰ্ক! নিজৰ কাণ্ড ঢাকিবলৈ স্বামীয়ে সাগৰত ডুবাই হত্যা কৰিলে পত্নীক

cycle racing pake paga hornbill festival ATHLETICS