অবৈধ সম্পৰ্ক! নিজৰ কাণ্ড ঢাকিবলৈ স্বামীয়ে সাগৰত ডুবাই হত্যা কৰিলে পত্নীক

অবৈধ সম্পৰ্ক! নিজৰ কাণ্ড ঢাকিবলৈ স্বামীয়ে সাগৰত ডুবাই হত্যা কৰিলে পত্নীক

ডিজিটেল ডেস্কঃ পত্নীক হত্যা কৰাৰ অভিযোগত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এখন হোটেলৰ মেনেজাৰক। গোৱা আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে অভিযুক্তই নিজৰ অবৈধ সম্পৰ্ক লুকুৱাবলৈ এই হত্য়াকাণ্ড সংঘটিত কৰে। অভিযুক্ত ২৯ বছৰীয়া গৌৰৱ কাতিয়াৰ বুলি চিনাক্ত হৈছে। আৰক্ষীয়ে কয় যে, পত্নী হত্যাৰ ঘটনা গৌৰৱে দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিলি আৰু কৈছিল যে সাগৰত ডুবি পত্নীৰ মৃত্য়ু হৈছে।

তথ্য অনুসৰি পত্নীয়ে গৌৰৱৰ অবৈধ সম্পৰ্কৰ বিষয়ে জানিব পাৰিছিল। যাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰে। আৰক্ষীৰ মতে গৌৰৱে পত্নীক দক্ষিণ গোৱাৰ এটা সাগৰৰ পাৰলৈ লৈ গৈছিল আৰু তাতে ডুবাই হত্যা কৰিছিল। শুকুৰবাৰে সংঘটিত হৈছিল এই হত্যাকাণ্ড।

উল্লেখ্য যে, সেই স্থানত থকা আন পৰ্যটকসকলৰ গৌৰৱক দেখি সন্দেহ হৈছিল আৰু পাছত আৰক্ষীক খবৰ দিছিল। পৰ্যটকসকলে কয় যে গৌৰৱে পত্নীৰ সৈতে পানীত নামিছিল। কিন্তু যেতিয়া পানীৰ পৰা উঠি আহিছিল তেতিয়া পত্নী লগত নাছিল। প্ৰথমে গৌৰৱে এয়া এক দুৰ্ঘটনা বুলি প্ৰমাণ কৰিব বিচাৰিছিল। কিন্তু পৰ্যটকে লোৱা ভিডিঅ'ত স্পষ্ট হয় যে এই হত্যাকাণ্ড।

আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহত কেইবাটাও আঘাতৰ চিন প্ৰত্যক্ষ কৰিছে। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

অবৈধ সম্পৰ্ক! নিজৰ কাণ্ড ঢাকিবলৈ স্বামীয়ে সাগৰত ডুবাই হত্যা কৰিলে পত্নীক
ৰাম মন্দিৰঃ কাইলৈ ২ বজালৈ নাপাব মাছ-মাংসৰ দোকান, বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in