/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/02ce949d-1f66-4820-8a95-612f69a9e7e7/mani.jpg)
প্ৰতিনিধিত্বমূলক ফটো
ডিজিটেল সংবাদ, বেকাজান : গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত মণিপুৰত ২জন সাংবাদিক, সমসংখ্যক নাবালক আৰু মহিলাকে ধৰি কমেও ২৭ জন অজনজাতীয় ব্যক্তি নিৰুদ্দেশ হোৱা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে । বিগত আঢ়ৈ মাহজোৰা সংঘৰ্ষত স্থানীয় সংবাদ মাধ্যমৰ ২ গৰাকী সাংবাদিক নিখোজ হৈ আছে।
তেওঁলোক হৈছে অটম সমৰেন্দ্ৰ সিং (৪৭) আৰু যুমখাইবাম কিৰণকুমাৰ সিং (৪৮)। এই ২৭ জন ব্যক্তিৰ কেইজনমান মে’ মাহৰ পৰা, একাংশ জুন মাহ আৰু জুলাই মাহৰ পৰা নিৰুদ্দেশ হৈ আছে। ইফালে আন একাংশ তেওঁলোক ইম্ফল পশ্চিম, ইম্ফল ইষ্ট, টেংগনৌপাল, বিষ্ণুপুৰ, কাংপকপি, থৌবাল, আৰু কাকচিং জিলাৰ বাসিন্দা।
উক্ত লোকসকল বিভিন্ন থানাত নিৰুদ্দেশ হোৱা ঘটনাৰ খবৰ পোৱা গৈছে। নিৰুদ্দেশ হোৱা লোকসকলৰ বয়স ১৭ বছৰৰ পৰা ৪৭ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে , মণিপুৰত ৩ মে’ৰ ‘জনজাতি সংহতি মাৰ্চ’ৰ আহ্বানত আৰু তাৰ পিছত ১০খনতকৈও অধিক জিলাত অভূতপূৰ্ব হিংসাত্মক সংঘৰ্ষ, আক্ৰমণ আৰু ঘৰ-দুৱাৰ, যান-বাহন আৰু চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিত অগ্নিসংযোগৰ সাক্ষী হৈছিল।
মণিপুৰ (ATSUM)ত মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি শাখাত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতা কৰিবলৈ ওলোৱা প্ৰতিবাদী কাৰ্যসূচী পিছত ভয়ানক গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাত ঘটে।
Also Read: মৰিগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত কৰি ৰখাৰ দাবীত বিভিন্ন সংগঠনৰ প্ৰতিবাদ