/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/59373f17-e05c-4479-bfae-8d346e92d7f0/marigaon1.jpg)
ডিজিটেল সংবাদ,মৰিগাঁও : মৰিগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত কৰি ৰখাৰ দাবী বিভিন্ন দল-সংগঠনৰ। এই দাবী উত্থাপন কৰি শুকুৰবাৰে এক সমদল বাহিৰ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ef075fa4-02a8-440a-b093-6477bbb560e5/69f85a1f_c4b7_4f4e_84d7_b19ce2be7607.jpg)
দেশৰ নিৰ্বাচন আয়োগে ২০ জুলাইত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ গ্ৰহণ কৰিছিল শুনানি প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত বিজেপি অসম প্ৰদেশ সমিতিয়ে মৰিগাঁও বিধানসভা সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ কৰিবলৈ আবেদন জনোৱাক লৈ সৰৱ হৈ পৰিছে জিলাখনৰ বিভিন্ন নাথ-যোগী জনগোষ্ঠীয় সংগঠন ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2a4a441b-0387-4f85-aa80-a75d2cb842d8/146ef26a_e4f7_49d3_9bd9_8773d729b174.jpg)
জিলাখনৰ অসম নাথ সাহিত্য সংস্কৃতি সন্মিলন,মৰিগাঁও জিলা যোগী সন্মিলনী,নাথ যোগী ছাত্ৰ সন্থা,নাথ যোগী যুৱ পৰিষদ,যোগী সেনাৰ যৌথ উদ্যোগত কেইবা শতাধিক নাথ যোগী জনগোষ্ঠীৰ লোকে চহৰখনৰ মাজমজিয়াৰে প্ৰতিবাদী সমদল বাহিৰ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি ৰাজ্যিক নেতৃত্বক কঠোৰ সমালোচনা কৰাৰ লগতে মৰিগাঁও বিধানসভা সমষ্টিটো সংৰক্ষণ মুক্ত ৰক্ষাৰ দাবী জনাই ভাৰতীয় নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/31f17b9b-8fbc-4425-a9e9-dda9a0429374/0480f099_321b_4505_8fee_04257512c920.jpg)
Also Read: জামুগুৰিহাটত আটক বাইক চোৰ