মণিপুৰৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

মণিপুৰৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

ডিজিটেল সংবাদ,শিলচৰ: চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু গোলা বাৰুদৰ বিৰুদ্ধে অভিযান চলাই দেওবাৰে নিৰাপত্তা বাহিনীয়ে কেবাটাও মাৰণাস্ত্ৰ আৰু বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে। লগতে এজন ম্যানমাৰৰ নাগৰিক সহ মুঠ ৭ লোকক গ্ৰেপ্তাৰ কৰে।

Advertisment

ম্যানমাৰ সীমান্তৱৰ্তী মনিপুৰৰ টেংগনৌপাল জিলাৰ মোৰে থানাৰ অন্তৰ্গত চাভাংফাই, ইয়াংগুবুং, ছেইজাং, আৰু জিয়ন ভেঙত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে এই সাত জন লোকক। তেওঁ লোকৰ পৰা ১০ গ্ৰাম গান পাউদাৰ, ১টা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড, ৬০ গ্ৰাম সন্দেহযুক্ত চালফাৰ ডাই অক্সাইড, ১২ ব’ৰ বন্দুকৰ ১০২ ৰাউণ্ড সক্ৰিয় গুলি আৰু ২.৫ কিলোগ্ৰাম বিস্ফোৰক পদাৰ্থ এমোনিয়াম নাইট্ৰেট জব্দ কৰা হয়।

ইফালে, আন এক অভিযানত কাঙপোকপি জিলাৰ পৰা মেগজিন সহ এটা SLR, গুলি ভৰ্তি ৰাইফল এটা, কাৰ্বাইন মেগজিন এটা আৰু ৱাৰলেছ ৰেডিঅ ছেট এটা জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

Also Read: বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপঃ দিল্লীত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ চৰকাৰৰ

manipur