বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপঃ দিল্লীত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ চৰকাৰৰ

বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপঃ দিল্লীত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ চৰকাৰৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰ অধিক বৃদ্ধি পাইছে। যাৰ বাবে দিল্লীত বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে। পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয় ১০ নৱেম্বৰলৈ বন্ধ থাকিব বুলি নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে ষষ্ঠ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণী সমূহৰ ক্ষেত্ৰত কোনো নিৰ্দেশনা প্ৰদান কৰা নাই।

অৱশ্যে বিদ্যালয় সমূহক বিকল্প ব্যৱস্থা দিছে আৰু তাৰ অধীনত বিচাৰিলে বিদ্যালয়সমূহে অনলাইন ক্লাছ কৰিব পাৰে। শিক্ষামন্ত্ৰী অতিশীয়ে জনাই এই কথা। প্ৰথমে ৫ নৱেম্বৰলৈ স্কুল বন্ধ আছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ সময়সীমা বৃদ্ধি কৰা হয়।

ৰাজধানী দিল্লীত বায়ু প্ৰদূষণ এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বহু ঠাইত বায়ু গুণমান সূচক (একিউআই) ৪৫০ অতিক্ৰম কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চিপিচিবি) তথ্য অনুসৰি ৫ নৱেম্বৰৰ পুৱা ৪.১৮ একিউআই আছিল ৪৫৩।

চিপিচিবি.-ৰ মতে, শীৰ্ষ ১০ খন প্ৰদূষিত চহৰৰ ভিতৰত নয়ডা প্ৰথম স্থানত আছে। তাৰ পাছতে আছে ফৰিদাবাদ, হাৰিয়ানাৰ গুৰুগ্ৰাম, চিৰছা, কাইথাল, ফতেহাবাদ,হিছাৰ আদি।

উল্লেখ্য যে, ০ ৰ পৰা ৫০ লৈ থাকিলে একিউই ভাল, ৫০-১০০ লৈ সন্তোষজনক, ১০১-২০০ লৈ মধ্যমীয়া, ২০১-৩০০ ৰ পৰা বেয়া, ৩০১-৪০০ ৰ পৰা অতি বেয়া, ৪০১- ৪০০ অতি গুৰুতৰ বুলি ধৰা হয়।

বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপঃ দিল্লীত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ চৰকাৰৰ
অচিনাক্ত নৱজাতক সমাধিস্থ কৰাৰ খবৰক লৈ বিশ্বনাথত চাঞ্চল্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in