মণিপুৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

মণিপুৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
মণিপুৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ডিজিটেল সংবাদ,শিলচৰ : অশান্ত জৰ্জৰ মণিপুৰত আজিও অব্যহত আছে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই অভিযানৰ অংশ স্বৰূপে মঙলবাৰে ৰাজ্যখনৰ কেইবাটাও অঞ্চলত আৰক্ষীয়ে অভিযান কাৰ্য চলায়।

Advertisment

আৰক্ষীয়ে চলোৱা এই অভিযান কাৰ্য্যত মণিপুৰৰ বিষ্ণুপুৰ,চুৰাচান্দপুৰ আৰু থৌবাল জিলাৰ বিভিন্ন এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ কেতবোৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

মণিপুৰ আৰক্ষীয়ে সদৰি কৰা মতে, অভিযান কালত থৌবাল জিলাৰ পৰা ২টা বন্দুক, ১৫ জাই গুলী আৰু ৩ টা শক্তিশালী বোমা উদ্ধাৰ কৰা হয়। পিছত এই অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক ‌সামগ্ৰীসমূহ জব্দ কৰা হয়।

Also Read: প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা চাউণ্ড ছেট পৰিবাহী বাহনে মহটিয়ালে ৬ জনক

manipur police