প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা চাউণ্ড ছেট পৰিবাহী বাহনে মহটিয়ালে ৬ জনক

প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা চাউণ্ড ছেট পৰিবাহী বাহনে মহটিয়ালে ৬ জনক

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

অগ্ৰণী খবৰ

ডিজিটেল ডেস্কঃ কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত অঘটন। বলেৰ' পিকআপ ভানে মহতিয়াই নিলে ৬জনকৈ লোকক। মনসা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে যাওতেই সংঘটিত হয় এই ঘটনা।

Advertisment

চাউণ্ড ছেট পৰিবাহী বাহনে খুন্দিয়াই আটাইকেইজনক। বাহনখনৰ আগে আগে প্ৰতিমা বিসৰ্জনৰ বাবে খোজ কাঢ়ি গৈ আছিল লোক কেইজন। নিয়ন্ত্ৰণ হেৰুৱাই লোক কেইজনক মহটিয়াই নিয়ে চাউণ্ড ছেট পৰিবাহী বাহনখনে।

আহত লোক কেইজনক ইতিমধ্যেই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে, লোক কেইজন কেলিডেন চাহ বাগিচাৰ ১২ নং লাইনৰ বুলি জানিব পৰা গৈছে।

Also Read: বিএছএফৰ মেঘালয়স্থিত কাৰ্যালয় ভ্ৰমণ সঞ্চালক প্ৰধানৰ

accident