মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ...

মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ...

author-image
Asomiya Pratidin
New Update
মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ...

মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ...

ডিজিটেল সংবাদ শিলচৰঃ মণিপুৰৰ অশান্ত জৰ্জৰ জিলাসমূহত আজিও অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। বিশেষকৈ, ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, টেঙনৌপাল আৰু বিষ্ণুপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।‌

Advertisment

অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে দেওবাৰে বিষ্ণুপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। অভিযানৰ সময়ত ১টা M 16 ৰাইফল, ১টা M 16 ৰাইফলৰ মেগজিন, 5.56 mm ৰ ৮ টা সজীব গুলী,মেগজিনসহ ১ টা দেশীয় 9 mm পিষ্টল, ১১ টা হেণ্ড গ্ৰেণেড, ৯টা টিউব লঞ্চাৰসহ যথেষ্ট গোলাবাৰুদ জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

Also Read: মাত্ৰ ৩৭ বছৰতে জীৱন পৰিক্ৰমা সামৰিলে ঢকুৱাখনাৰ উদ্যমী যুৱক সম্ৰাট দত্তই...

মণিপুৰ