মাত্ৰ ৩৭ বছৰতে জীৱন পৰিক্ৰমা সামৰিলে ঢকুৱাখনাৰ উদ্যমী যুৱক সম্ৰাট দত্তই...

মাত্ৰ ৩৭ বছৰতে জীৱন পৰিক্ৰমা সামৰিলে ঢকুৱাখনাৰ উদ্যমী যুৱক সম্ৰাট দত্তই...

author-image
Asomiya Pratidin
New Update
মাত্ৰ ৩৭ বছৰতে জীৱন পৰিক্ৰমা সামৰিলে ঢকুৱাখনাৰ উদ্যমী যুৱক সম্ৰাট দত্তই...

মাত্ৰ ৩৭ বছৰতে জীৱন পৰিক্ৰমা সামৰিলে ঢকুৱাখনাৰ উদ্যমী যুৱক সম্ৰাট দত্তই...

ডিজিটেল সংবাদ ঢকুৱাখনা: ইংৰাজী নৱবর্ষ২০২৪ৰ প্ৰথম দিনাই এক শোক বাৰ্তাই আচ্ছন্ন কৰিছে ঢকুৱাখনাৰ পৰিবেশ। ঢকুৱাখনাৰ সমাজ জীৱনৰ এক পৰিচিত নাম, উদ্যমী যুৱক সম্ৰাট দত্তৰ আকস্মিক বিয়োগৰ বাতৰিয়ে নৱবর্ষৰ ধামখুমীয়াক যেন ঢকুৱাখনাত ম্লান কৰি তুলিছে।

Advertisment

ঢকুৱাখনা নগৰৰ বৰুৱাতিকা গাঁৱৰ প্ৰয়াত কুশল দত্তৰ পুত্ৰ সম্ৰাট দত্ত কিছু দিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল । বিভিন্ন চিকিৎসা প্ৰদানৰ পাছত ঘৰতে থকা দত্তৰ স্বাস্থ্যৰ দেওবাৰে নিশা প্ৰায় ৮-৫০ বজাত দ্ৰুত অৱনতি ঘটাত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদানৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে সৰবৰহি যুৱকজনে।

পত্নী সন্তানৰ লগতে অগণন আত্মীয় স্বজন, গুণগ্ৰাহীক ইহ সংসাৰত এৰি যোৱা সক্ৰিয় যুৱক দত্তৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় ৩৭ বছৰ। সোমবাৰে পুৱতি নিশা দত্তৰ নশ্বৰ দেহ ৰাজহুৱা শ্মশানলৈ নি শেষকৃত্য সম্পন্ন কৰা হয় অগণন শুভাকাংক্ষীযে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ।

Also Read: ইছৰোৱে সফলতাৰে উৎক্ষেপণ কৰিলে প্ৰথমটো এক্স-ৰে' প'লাৰিমিটাৰ উপগ্ৰহ...

ঢকুৱাখনা