মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

author-image
Asomiya Pratidin
New Update
মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ মণিপুৰৰ ইম্ফল-পশ্চিম, ইম্ফল-পূব, থৌবাল, কাকচিং, কাংপোকপি আৰু চুড়াচান্দপুৰ জিলাৰ প্ৰান্তীয় অঞ্চলত নিৰাপত্তা বাহিনীৰ দ্বাৰা অনুসন্ধান অভিযান চলোৱা হয়। এই অভিযানৰ সময়ত বিভিন্ন মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয়।

এই অভিযানত মেগজিনৰ সৈতে ২টা কাৰখানাত নিৰ্মিত পিষ্টল, ১টা কাণ্ট্ৰী মেড পিষ্টল আৰু মগজিন, ৫টা 36 এইচ ই হেণ্ড গ্ৰেনেডৰ, ২টা ডব্লিউ পি গ্ৰেনেড আৰু ২৫টা সজীৱ মাৰণাস্ত্ৰ জব্দ কৰা হয়। এই মাৰণাস্ত্ৰসমূহ থৌবাল জিলাৰ পেচীৰ দক্ষিণ পূবত গোৱাৰোক ৰিজাৰ্ভ হিল ৰেঞ্জৰ পৰা জব্দ কৰা হয়।

আনহাতে কাকচিং জিলাৰ কাকচিং মণ্টক আইটিআই পংমামেই ৰোডৰ পৰা ২টা মাৰণাস্ত্ৰসহ ৩০৩ ৰাইফল বিয়েৰিং ৰেগড. ৩৬৬৮১ আৰু এটা খালী মগজিন, ১টা স্থানীয় নিৰ্মিত খালী মগজিন আৰু 9 এমএম পিষ্টল আৰু ৩৬ টা এইচই হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হৈছে।

Also Read: স্বপ্নভংগ হ'ল ১৪০ কোটি ভাৰতীয়ৰ : ষষ্ঠবাৰলৈ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

arm seized