স্বপ্নভংগ হ'ল ১৪০ কোটি ভাৰতীয়ৰ : ষষ্ঠবাৰলৈ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

স্বপ্নভংগ হ'ল ১৪০ কোটি ভাৰতীয়ৰ : ষষ্ঠবাৰলৈ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

ডিজিটেল ডেস্কঃ অপেক্ষা, উৎকণ্ঠা, উচাহ আৰু সৰ্বশেষত নিৰাশা। ভাৰতৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এটা দুস্বপ্ন হৈ ৰ'ব ১৯ নবেম্বৰ, ২০২৩। ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ অৰ্জনত সফল হ'ল অষ্ট্ৰেলিয়া। গোটেই টুৰ্ণামেন্টতে অপ্ৰতিৰোধ্য হৈ থকা ভাৰতীয় ক্ৰিকেট দলৰ মুখৰ পৰা ভাৰতৰ মাটিতেই বিশ্বকাপৰ খিতাপ কাঢ়ি নিলে অষ্ট্ৰেলিয়াই। ৬ উইকেটত ভাৰতক পৰাস্ত কৰিলে কেংগাৰু বাহিনীয়ে।

সকলোৱে ভাবিছিল ২০০৩ৰ প্ৰতিশোধ লোৱা হ'ব ২০২৩ত। কৰা হৈছিল বহু কল্পনা, বহু সমীক্ষা। বহুজনেই আকৌ বিচাৰি উলিয়াইছিল বহু কাকতালীয় সংযোগ। মেন ইন ব্লুৰ ওপৰত আছিল সকলোৰে বিশ্বাস। দিনৰ ২ বজাৰ লগে লগেই স্তব্ধ হৈ পৰিছিল ভাৰতৰ গতানুগতিক জীৱন। এদিনৰ বাবে যেন অঘোষিত বন্ধ উদযাপন কৰিছিল সমগ্ৰ দেশে।

কিন্তু এই সকলোবোৰ অসাৰ কৰি ষষ্ঠবাৰৰ বাবে পুনৰ বিশ্বকাপ হাতত তুলি ল'লে অষ্ট্ৰেলিয়াই। চূড়ান্ত মেচত টচত বিজয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল অষ্ট্ৰেলিয়াই। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং লাইন আপে বান্ধি ৰাখিছিল ভাৰতীয় বেটাৰ সকলক। প্ৰথম ইনিংছত ৫০ অভাৰত ১০ টা উইকেট হেৰুৱাই ২৪০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ইয়াৰ বিপৰীতে কেংগাৰু বাহিনীয়ে ৪৩ অভাৰতে ২৪১ ৰাণ সংগ্ৰহ কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। মাত্ৰ ৪টা উইকেট হেৰুৱাই ৬টা উইকেটত বিশ্ব বিজয়ীৰ খিতাপ দখল কৰে অষ্ট্ৰেলিয়াই।

বিশ্বকাপৰ চূড়ান্ত মেচখনত ভাৰতৰ হৈ বিৰাট কোহলী আৰু কে এল ৰাহুলে অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ট্ৰাভিছ হেড আৰু মামুচ লাবুচেনে শতক অৰ্জন কৰি দলটোক বিশ্ব জয়ৰ সোৱাদ দিয়ে।

ভাৰতীয় বলাৰসকলৰ ভিতৰত মহম্মদ ছিৰাজে আৰু মহম্মদ চামীয়ে এটাকৈ আৰু বুমৰাহে ২টা উইকেট লয়। আনহাতে অষ্ট্ৰেলিয়াৰ মিছেল মাৰ্চে ৩টা, অধিনায়ক পেট কামিন্সে আৰু হেজেলউদে ২টাকৈ, এডাম জাম্পা আৰু গ্লেন মেক্স উৱেলে ১টাকৈ উইকেট লয়। মামুচ লাবুচেনে কুলদীপ যাদৱক ৰাণ আউট কৰোৱাই ভাৰতৰ দশমটো উইকেট লয়।

স্বপ্নভংগ হ'ল ১৪০ কোটি ভাৰতীয়ৰ : ষষ্ঠবাৰলৈ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ
বটদ্ৰৱাত বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত পাৱাৰ প্ৰজেক্টৰ দ্বাৰা বিশ্লেষণ আৰু বক্তৃতা অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in