/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2a928671-89aa-4022-a6a0-fe640ca1f91d/mani.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰস্থিত জোমি বিদ্ৰোহীয়ে এইবাৰ চুবুৰীয়া দেশ ম্যানমাৰৰ শ্বিন প্ৰদেশৰ শ্বিনলেণ্ড প্ৰতিৰক্ষা বাহিনীক আক্ৰমন কৰাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি, যোৱা কেইসপ্তাহমানৰ ভিতৰত উত্তৰ শ্বিন ৰাজ্যৰ টনজাং টাউনশ্বিপত থকা মণিপুৰী জোমি বিদ্ৰোহীয়ে ২বাৰকৈ তেওঁলোকৰ শিবিৰত আক্ৰমণ চলাই দুজন যোদ্ধাক নিহত কৰে।
উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ সীমান্তৰক্ষী বাহিনী হিচাপে কাম কৰা মণিপুৰৰ আন এটা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন জেড আৰ এয়ে ৩১ আগষ্টত টনজাঙৰ ওচৰৰ সামৰিক জুন্টা বিৰোধী প্ৰতিৰোধী গোটৰ এটা শিবিৰত অভিযান চলাইছিল। শ্বিনলেণ্ড ডিফেন্স ফৰ্চৰ সম্পাদক থাং ছুয়ান মুঙে প্ৰকাশ কৰা মতে, প্ৰথম অভিযানত জেড আৰ এয়ে চিডিএফ শিবিৰত থকা যোদ্ধাসকলক আগুৰি ধৰে, চিডিএফৰ সদস্য পাউং কাপ থাংক হত্যা কৰি ড্ৰোন আৰু গধুৰ আৰ্টিলাৰী জব্দ কৰে।
অৱশ্যে চিডিএফৰ বেছিভাগ যোদ্ধাই শিবিৰৰ পৰা নিজৰ বন্দুক লৈ পলায়ন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, সামৰিক অভ্যুত্থানৰ পিছৰে পৰাই শ্বিন প্ৰদেশৰ চিডিএফে শ্বিন নেচনেল আৰ্মি (চিএনএ)ৰ সৈতে সামৰিক শাসনৰ বিৰুদ্ধে যুঁজি আহিছে।।
Also Read: সুৰাৰ ৰাগীত মাতাল স্বামী : পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা