সুৰাৰ ৰাগীত মাতাল স্বামী : পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা

সুৰাৰ ৰাগীত মাতাল স্বামী : পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট জিলাৰ কমাৰবন্ধাৰ দোলাষৰীয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । শনিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত এই ঘটনাত ভদেশ্বৰ ভূঞা নামৰ লোকজনে তেওঁৰ পত্নীক দাৰে মূৰত ঘপিয়াই।

ঘটনাৰ কিছু সময় পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। সুৰাৰ ৰাগীত মাতাল স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা পত্নীক সংকটজনক অৱস্থাত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে।

আনহাতে স্বামী ভদেশ্বৰ ভূঞা বৰ্তমান সময়লৈকে পলাতক অৱস্থাত আছে। মদ্যপানৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ভদ্ৰেশ্বৰ ভূঞাৰ বিৰুদ্ধে পূৰ্বেও এনে অভিযোগ আছে ।

Also Read: মন্ত্ৰী-বিধায়ক !

Golaghat Police crime Assam police