/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6f431e50-63cd-4bdb-bcc7-e50625879821/AP_FOR_WEB_mizo.jpg)
ডিজিটেল ডেস্কঃ আহি আছে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ৭ নৱেম্বৰৰ পৰা মিজোৰাম, মধ্য প্ৰদেশ, ৰাজস্থান, চট্টীশগড় আৰপ তেলেংগনাত অনুষ্ঠিত হ'ব এই নিৰ্বাচন।
ইয়াৰ মাজতে আম আদমী পাৰ্টীয়ে কৰিছে এক ডাঙৰ ঘোষণা। মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমী পাৰ্টীয়ে। ইয়াৰ বাবে আপে শীঘ্ৰেই আসনসমূহ ঘোষণা কৰিব জনায়।
৫ খনৰ ভিতৰত মিজোৰাম, ৰাজস্থান, মধ্য প্ৰদেশ, চট্টীশগড় বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আপে। প্ৰথম অৱস্থাত ৩ খন ৰাজ্যৰ কথা জনাইছিল যদিও নতুনকৈ মিজোৰামত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে আপে।
এই সন্দৰ্ভত আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ একাংশ বিষয়-ববীয়াই দেওবাৰে অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিছিল। য'ত আগন্তুক নিৰ্বাচনৰ বিষয়ে আলোচনা হয়।
এই বৈঠকতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে এখন সমন্বয় সমিতি আৰু এটা উত্তৰ-পূব কোষ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। তেওঁ কয় যে এই বৈঠকতে মিজোৰামৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লয় আপে। অৱশ্যে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই।
তেওঁ কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহত লুণ্ঠন চলি আছে। মুখ্যমন্ত্ৰীসকলে ৰাজ্যসমূহক সম্পত্তি হিচাপে গণ্য কৰে। বিদ্যালয়, চিকিৎসালয়, ৰাস্তাৰ অৱস্থা বেয়া। এই সকলো সমস্যা সমাধানৰ বাবে কাম কৰাটো প্ৰয়োজনীয় হৈ পৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে অনুভৱ কৰে যে কেৱল আম আদমী পাৰ্টিয়েহে এই কামটো কৰিব পাৰে। দিল্লী আৰু পঞ্জাৱৰ কাম-কাজ দেখি আপলৈ আশা কৰিছে ৰাইজে।গতিকে আপে মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
Also Read: স্কুললৈ যোৱাৰ সময়তে অপহৃত কিশোৰী! চিন্তিত পিতৃ-মাতৃ