/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/48533389-6ef7-43dc-8e4e-f0758c36e8bc/dfggg.jpg)
ডিজিটেল সংবাদ,শিলচৰ: কাছাৰৰ পৰা অপহৰণ কিশোৰীৰ। স্কুললৈ যোৱাৰ সময়ত কেইজন মান যুৱকে বলপূৰ্বক ভাৱে কিশোৰীগৰাকীক অপহৰণ কৰে বুলি অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে। এই ঘটনা সংঘটিত হৈছে হৈছে কাছাৰ জিলাৰ দক্ষিণ ধলাইত।
অপহৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ মতে, যোৱা বৃহস্পতিবাৰে তেওঁলোকৰ কন্যা অইন দিনাৰ দৰে স্কুললৈ গৈছিল। কিন্তু স্কুলত যোৱাৰ পাছত আৰু ঘৰলৈ উভতি নাহিল ১৫ বছৰীয়া কিশোৰাগৰাকী।
পৰিয়ালৰলোকে বিচাৰ-খোচৰ কৰে যদিও সন্ধান উলিয়াবলৈ সক্ষম নহয় কিশোৰীগৰাকীৰ। পিছত এই সংক্ৰান্তত ধলাই থানাত এটি গোচৰৰ ৰুজু কৰে নিখোজ কিশোৰীগৰাকীৰ পৰিয়ালে।
কিশোৰী গৰাকীক ভাগা বাজাৰ গবিন্দপুৰৰ ছেলিম উদ্দিনে কেইজনমান যুৱকৰ সৈতে মিলি অপহৰণ কৰা বুলি অভিযোগ কৰিছে কিশোৰীগৰাকীৰ পিতৃ আইনুল হক লস্কৰে।
অপহৃত কন্যাকে উদ্ধাৰ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে তেওঁলোকে। ইফালে, আৰক্ষীয়ে তদন্তত নামি এই অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক কৰি সোধাপোছা আৰম্ভ কৰিছে।
Also Read: নলবাৰীৰ আতচবাজী ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডঃ কৰ্মৰত অৱস্থাত এজনৰ মৃত্যু