৪ মে'ত থৌবালত ২ মহিলাক উলংগ কৰাৰ সময়ত ইম্ফলতো ২ মহিলাক গণ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ...

৪ মে'ত থৌবালত ২ মহিলাক উলংগ কৰাৰ সময়ত ইম্ফলতো ২ মহিলাক গণ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ...

author-image
Asomiya Pratidin
New Update
৪ মে'ত থৌবালত ২ মহিলাক উলংগ কৰাৰ সময়ত ইম্ফলতো ২ মহিলাক গণ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ...

৪ মে'ত থৌবালত ২ মহিলাক উলংগ কৰাৰ সময়ত ইম্ফলতো ২ মহিলাক গণ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ...

ডিজিটেল ডেস্কঃ ৪ মে’ত ২ মহিলাক উলংগ কৰি পেৰেড কৰোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ দেশজুৰি আলোড়ণৰ সৃষ্টি হৈছে। ভাইৰেল ভিডিঅ’ অনুসৰি দুই মহিলাক এদল মেইটেই সম্প্ৰদায়ৰ লোকে উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাই কোনোবা এটা স্থানলৈ লৈ গৈছিল।

Advertisment

ইয়াৰ পাছতে তেওঁলোকক গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক তথ্য। ৪ মে’ত কেৱল এই ধৰ্ষণ কাণ্ডই নহয় আন আন স্থানতো অনুৰূপ ঘটনা সংঘটিত হৈছিল।

থৌবাল আৰু কংকপকপি জিলাৰ সীমান্তৱৰ্তী নংপোক ছেকমা আৰক্ষী থানাৰ এলেকাত সংঘটিত হোৱা এই ঘটনাৰ উপৰিও ৰাজধানী ইম্ফল চহৰটো সংঘটিত হৈছিল মহিলাৰ ওপৰত যৌন নিৰ্যাতন।

ইম্ফলত সেইদিনা ২ মহিলাক গণধৰ্ষণ কৰি হত্যা কৰা হৈছিল। উল্লেখ্য যে, থৌবাল জিলাৰ দুই মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰোৱা আৰু গণধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত ৫ জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ধৃত ৫ জনৰ ভিতৰত এটা অভিযুক্তৰ বয়স মাত্ৰ ১৯ বছৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ ভাষ্য অনুসৰি ইম্ফলত সংঘটিত হোৱা ঘটনাত সেইদিনা ২ মহিলাক কৰ্মস্থলীৰ পৰা চোচৰাই আনি গণধৰ্ষণ কৰি হত্যা কৰা হৈছিল।

উল্লেখ্য যে, বিগত ৩ মে’ত মণিপুৰৰ জনজাতিয় ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অফ মণিপুৰৰ এক প্ৰতিবাদী সমদলে হিংসাত্মক ঘটনাৰ ৰূপ ধাৰণ কৰিছিল। তাৰ পাছৰে পৰা এই পৰ্যন্ত মণিপুৰ জ্বলি আছে।

৩ মে’ৰ নিশাৰে পৰা বিভিন্ন এলেকাত কুকি আৰু জো সম্প্ৰদায়ৰ সৈতে সংখ্যাগৰিষ্ঠ মেইটেইসকলৰ সংঘৰ্ষ আৰম্ভ হৈছিল। কুকি আৰু জো সম্প্ৰদায়ৰ মহিলা মেইটেইসকলৰ নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে থৌবাল জিলাৰ ৪ মে’ ঘটনাৰ দৃশ্য পোহৰলৈ অহাৰ পাছতহে আৰক্ষীয়ে তৎপৰতা দেখুৱাইছে। কিন্তু ৩ খনকৈ এফ আই আৰ দাখিল কৰাৰ পাছতো যোৱা প্ৰায় ৮০ দিনে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

আনকি ইম্ফল চহৰৰ হাস্পতালত যন্ত্ৰণাত চটফটাই থকা ভুক্তভোগী মহিলাৰ ভাষ্য সংগ্ৰহ কৰিবলৈও কিছু নিলগতে থকা আৰক্ষীৰ সময় নহ’ল। সেয়ে এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীয়েও এই জঘণ্য কাণ্ডত দুৰ্বৃত্তৰ সৈতে সহৱস্থান কৰিছে নেকি?

Also Read: এদিন খাবলৈ গৈছিল, এতিয়া চাবলৈ যাওঁক মণিপুৰ...

মণিপুৰ