এদিন খাবলৈ গৈছিল, এতিয়া চাবলৈ যাওঁক মণিপুৰ...

এদিন খাবলৈ গৈছিল, এতিয়া চাবলৈ যাওঁক মণিপুৰ...
এদিন খাবলৈ গৈছিল, এতিয়া চাবলৈ যাওঁক মণিপুৰ...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

ৰাজস্থান, পশ্চিমবংগতো বলাৎকাৰৰ ঘটনা সংঘটিত হয়। কংগ্ৰেছ বা বিৰোধী শাসিত আন ৰাজ্যত এই ধৰণৰ ঘটনা সংঘটিত হয় বুলি যুক্তি দি মণিপুৰৰ পোহৰলৈ অহা বৰ্বৰ কাণ্ডক লঘু কৰিব বিচৰাসকলে চিধাকৈয়ে কৈ দিয়া ভাল- 'সেই সকলতকৈ আমি কম নহয়।'

অনুসূয়া উইকেয়ে কিন্তু এই কথা কোৱা নাই। বৰ্তমান মণিপুৰৰ ৰাজ্যপালৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থকা এইগৰাকী ৰাজ্যপালে গভীৰ উদ্বেগেৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাতকাৰাত মণিপুৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। ৪ মে'ত সংঘটিত এই কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় ইমান দিনে ব্যৱস্থা গ্ৰহণ নকৰিলে সেই কথা মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানক তলব কৰি জানিব বিচাৰিছে।

পাৰ্থক্য তাতেই। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও প্ৰসংগও মণিপুৰৰ সৈতে একাকাৰ নহ'ল হেতেন যদিহে ৰাজ্যখনৰ ৰাজনীতিৰ সৈতে তেওঁৰ প্ৰত্যক্ষ সংযোগ নাথাকিল হেতেন।

নেডাৰ আহ্বায়ক হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজনীতিৰ অন্যতম ত্ৰাণকৰ্তা ৰূপত ড০ শৰ্মাক দেখা পোৱা যায়। সেই উদ্যোগ চৰকাৰ ভঙা পতাৰ ক্ষেত্ৰতো অসমৰ মুখ্যমন্ত্ৰীজনে বিভিন্ন সময়ত লৈ আহিছে।

নিৰ্বাচনৰ বতৰত মণিপুৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আহাৰ গ্ৰহণৰ এক দৃশ্য ভাইৰেল হৈছিল। ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ সেই আপ্যায়ন গ্ৰহণ কৰিছিল ড০ শৰ্মাই। তেওঁলোকৰ সৈতে মাটিত বহি আহাৰ গ্ৰহণ কৰিছিল বৰ্তমান মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও।

বিজেপিৰ প্ৰাৰ্থী শ্যাম সিঙৰ থৌবালৰ বাসগৃহত ভাল দিনত এনেদৰে দুয়োকে আপ্যায়ন কৰা হৈছিল। ১ মাৰ্চ ২০২২ ৰ দৃশ্য আছিল এয়া। সেই মণিপুৰেই এতিয়া বিধ্বস্ত। সেই মণিপুৰতে এতিয়া মানৱতাৰ অপমৃত্যু ঘটিছে।

সামাজিক মাধ্যমত মণিপুৰৰ মহিলাক ধৰ্ষণ হত্যা কৰাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছত মাত্ৰ ৩০ ছেকেণ্ডৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাৰ পাইছে। তাৰ পাছত সংসদ ভৱনৰ বাহিৰত কংগ্ৰেছ শাসিত আন ৰাজ্যতো অনুৰূপ ঘটনা ঘটে বুলি উদাহৰণ দাঙি ধৰিলে।

বিৰোধীয়ে মণিপুৰক লৈ প্ৰধানমন্ত্ৰীৰ মন্তব্য সদনত বিচাৰিলে যদিও সেই বিতৰ্কৰ বাবে সাজু বুলি কৈয়ো তেনে আগ্ৰহ প্ৰদৰ্শন নকৰিলে। ৰাষ্ট্ৰীয় মহিলা আয়োগেও এই ধৰণৰ পৈশাচিক কাণ্ডক গোপনে ৰখাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিল।

বিশ্বজুৰি মণিপুৰৰ বৰ্বৰতাক লৈ চৰ্চা চলাত এতিয়া লাজ পাইছে কিছু লোকে। ইমান দিনে অপৰাধীক গ্ৰেপ্তাৰ নকৰা আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাক লৈ চৰকাৰক জবাবদিহি কৰিবলৈ বাধ্য হ'ল উচ্চতম ন্যায়ালয়।

চৰকাৰে ব্যৱস্থা নল'লে আমিয়েই ল'বলৈ বাধ্য হম বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সতৰ্কবাণী শুনাবলগীয়া হ'ল। এইটোৱেই মণিপুৰত সংঘটিত একমাত্ৰ নিকৃষ্ট কাণ্ড নহয়। মহিলাক বিবস্ত্ৰ কৰি দুৰ্বৃত্তই বলাৎকাৰ আৰু পেৰেড কৰিব পাৰিলে কেনেকৈ?

এইখন দেশত, এইখন ৰাজ্যত চৰকাৰ অস্তিত্ব তেনে ক'ত? কিয় ৭৯ দিন লাগিল মণিপুৰলৈ চকু মেলি চাবলৈ? কিয় সেই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ পৰা বিৰত এতিয়া শাসক পক্ষ?

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে, কেৱল এইটোৱেই নহয় এনে বহু ঘটনা মণিপুৰত ঘটি গৈছে। উত্তৰ পূৰ্বাঞ্চলত এই ধৰণৰ ঘটনা সংঘটিত হ'লেই দিল্লীয়ে চকু মুদি দিয়ে। তাৰ শেহতীয়া উদাহৰণ মণিপুৰ।

সামাজিক মাধ্যমত পলমকৈ হ'লেও এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতহে গা লৰিল সকলোৰে। মূল সুঁতিৰ সংবাদ মাধ্যমেও এই ভিডিঅ' দেখিহে তালফাল লগালে। তাৰ আগতে মণিপুৰক লৈ কোন কিমান সচেতন আছিল?

মণিপুৰৰ দায়িত্ব দিল্লীয়ে নল'লে ল'ব কোনে? ডাৱল ইঞ্জিনৰ চৰকাৰ থকা বুলি কোৱাসকলে মণিপুৰবাসীক নিৰাপত্তা দিব নোৱাৰিলে কাৰ ওচৰত মণিপুৰবাসীয়ে নিৰাপত্তা বিচাৰি যাব? এই ক্ষোভ আৰু সংঘাতৰ কাৰণ কি?

সংসদৰ অধিৱেশনৰ পূৰ্বে এই ভিডিঅ' ভাইৰেল হোৱাত ৰাজনৈতিক গোন্ধ পাইছে বহুতে। এই নৃশংসতাৰ কাহিনী তেওঁলোকে গোপনে ৰাখিব নোৱাৰি ৰাজনীতিৰ প্ৰলেপেৰে মণিপুৰৰ বাস্তৱক ঢাকি ৰখাৰ প্ৰয়াস কৰিছে।

ভাইৰেল হোৱা ভিডিঅ'ক অস্ত্ৰ ৰূপে লৈ মণিপুৰ, উত্তৰ পূৰ্বাঞ্চলক কোনোবাই বদমানি কৰা বুলি দাবী কৰাসকলে এই বদনাম কৰাৰ সুযোগ কোনে দিছে তাৰ উত্তৰ দিবনে? অপৰাধ আন ৰাজ্যত সংঘটিত হয় বুলি এন চি আৰ বিৰ দাতা চাবলৈ উপদেশ দিয়া সকলে মণিপুৰৰ কাণ্ডক আন ৰাজ্যৰ সৈতে তুলনা কৰি এনে কাণ্ডক প্ৰত্যক্ষ ভাৱে নহলেও পৰোক্ষ ভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা ধিক্কাৰ জনক।

মণিপুৰক বদনাম কৰিছে আপোনালোকে। শান্ত মণিপুৰত সংঘাতৰ বীজ খিচি অস্থিৰ কৰি তুলিছে আপোনালোকৰ শাসনত থকা প্ৰতিনিধিয়ে। ইয়াৰ বাবে মণিপুৰবাসীতকৈ তেওঁলোকক উত্তেজিত কৰি তোলা পট ৰচনাসকল বেছি জগৰীয়া।

কোনেও কোৱা নাই মণিপুৰৰ অলিয়ে গলিয়ে সদায় এনে ঘটনা ঘটে। ভিডিঅ' দেখি মানুহে কৈছে মণিপুৰত এইবোৰ কি ঘটি আছে? মণিপুৰত চৰকাৰ বোলা কিবা এটা আছেনে নাই? ভাল দিনত মণিপুৰত উদৰ পুৰাই আতিথ্য লোৱাসকল এতিয়া ক'ত লুকাই আছে?

প্ৰশ্ন উঠিছে তাতেই। নিজৰ দোষ ধাকিবলৈ ঘৰিয়ালৰ চকুপানী টুকি আন ৰাজ্যতো এইধৰণৰ ঘটনা নঘটে নেকি বুলি সাধাৰণীকৰণ কৰিব বিচৰাসকলে দেখুৱাই দিয়ক ক'ত এই বৰ্বৰ ঘটনা ঘটি আছে। এয়া তেওঁলোকৰ নিজৰ প্ৰতি সহানুভূতি, ইয়াত বাস্তৱৰ মণিপুৰৰ প্ৰতি দায়ৱদ্ধতাৰ কোনো প্ৰতিশ্ৰুতি নাই।

এদিন খাবলৈ গৈছিল, এতিয়া চাবলৈ যাওঁক মণিপুৰ...
কচুৱাত মহিলাসহ ৪ ড্ৰাগছ সৰবৰাহকাৰীক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in