মণিপুৰৰ ভাইৰেল ভিডিঅ' কাণ্ডঃ গ্ৰেপ্তাৰ আন এজন অভিযুক্ত...

মণিপুৰৰ ভাইৰেল ভিডিঅৰ আন এজন অভিযুক্তক আটক আৰক্ষীৰ। ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল হুইৰেম হেৰোডাছ মেইটে।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ মণিপুৰৰ ভাইৰেল ভিডিঅৰ আন এজন অভিযুক্তক আটক আৰক্ষীৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জনাই এই কথা। ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল হুইৰেম হেৰোডাছ মেইটে। মণিপুৰৰ শিহৰণকাৰী ভিডিঅ পোহৰলৈ অহাৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Advertisment

যোৱা ৪ মে'ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল এক জঘন্য ঘটনা। দলৱদ্ধ ধৰ্ষণৰ বলি হৈছিল দুগৰাকী কুকি সম্প্ৰদায় মহিলা। এজাক মানৱৰূপী দানৱে দুই মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰিছিল। তাৰ পাছতে কৰিছিল দলবদ্ধ ধৰ্ষণ।

এই ঘটনা পোহৰলৈ আহিছিল বুধবাৰে। তাৰ এদিন পিচতে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত ঘটনাৰে জড়িত মূল অভিযুক্ত আৰু আন এজনক। ঘটনা সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়, মহিলা আয়োগেও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণঃ দ্বিতীয় দিনা আয়োগৰ শুনানিত ১৩ জিলাৰ ৬৪৫ গৰাকী প্ৰতিনিধিৰ অংশ গ্ৰহণ

manipur