/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/20832851-df91-458e-bbde-d35c9a0a8d2a/AP_FOR_WEB_new_format_pratibedon__nn.jpg)
দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত ২০ জুলাইত গুৱাহাটীত এই খচৰা সন্দৰ্ভত বিভিন্ন ওজৰ আপত্তি লৈ ৰাজহুৱা শুনানি গ্ৰহণ কৰে। দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত গঠিত তিনিজনীয়া দলে কি ধৰণে শুনানি গ্ৰহণ কৰিলে সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন-
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল হৈ আছে ৰাজ্য়। বিৰোধী পক্ষৰ লগতে বিভিন্ন দল সংগঠনে সদ্য প্ৰস্তাৱিত দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ইতিমধ্যে নিজা নিজা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
এই সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰিবলৈ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত আন দুগৰাকী নিৰ্বাচন আয়ুক্ত ক্ৰমে অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে ২০ জুলাই ২০২৩ ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দ্বিতীয়দিনাও বিভিন্ন জিলাৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়।
শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু মাধৱদেৱ প্ৰেক্ষাগৃহত হোৱা এই ৰাজহুৱা শুনানি গ্ৰহণ কৰে। উল্লেখ্য যে, ১৯ জুলাইতো আয়োগৰ দলটোৱে কেইবাখনো জিলাৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/86d4c125-5af4-4c90-8061-19839c1368cb/7314f05b_a4ad_4283_b6cf_feb51e04fb75.jpg)
কোন কোন ৰাজনৈতিক দলৰ প্ৰতিনিধি গৈছিল আয়োগৰ কাষলৈ
নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ৰাজহুৱা শুনানিত ৰাজ্যৰ প্ৰায় কেইটা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশ লয়। আয়োগৰ এক প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে তেওঁলোকে ক্ৰমে আপ,কংগ্ৰেছ, চিপিআইএম, বিজেপি আদি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰৰ প্ৰতিনিধিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মতামত গ্ৰহণ কৰে।
ইয়াৰোপৰি এআইইউডিএফ, অসম গণ পৰিষদ, ইউপিপিএল, বি পি এফ আদি ৰাজনৈতিক দলে আয়োগক এই খচৰা সন্দৰ্ভত দল সমূহৰ স্থিতি অৱগত কৰে। ইয়াৰোপৰি ইউপিএফ, অসম জাতীয় পৰিষদ, চিপিএম, ৰাইজৰ দল, চিপিআই, জাতীয় দল অসম, এন চি পি, আৰ জে ডি, জনতা দল ইউ, টি এম চি, চিপিআইএমএল আদি অন্যান্য ৰাজনৈতক দলবোৰৰো মতামত শুনে নিৰ্বাচন আয়োগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0dc46a8f-a94c-40b7-8e42-ea346b76692a/64ca2d54_e99a_49ec_8acc_66384eefa34b.jpg)
কোন জিলাৰ কিমান প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে আয়োগক
২০ জুলাইত শুনানি গ্ৰহণ কৰা প্ৰথম ভাগতেই নিৰ্বাচন আয়োগে ৰাজ্যৰ ১৩ খন জিলাৰ ৬৪৫ গৰাকী প্ৰতিনিধিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত প্ৰতিনিধিসকলৰ মতামত গ্ৰহণ কৰে। এই দিনটোত আয়োগৰ শুনানিত অংশলোৱা জিলা কেইখন আছিল ক্ৰমে- গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ, কৰিমগঞ্জ,দৰং, হাইলাকান্দি, কাছাৰ, দক্ষিণ শালমৰা, নগাঁও, মৰিগাঁও আৰু ধুবুৰী।
এই জিলা সমূহৰ ভিতৰত গোৱালপাৰৰ ৪৫ গৰাকী, বঙাইগাঁৱৰ ৫৮ গৰাকী, বৰপেটাৰ ৭৮ গৰাকী, নলবাৰীৰ১৫ গৰাকী, শোণিতপুৰৰ ৮২ গৰাকী, কৰিমগঞ্জৰ ৫০ গৰাকী, ধুবুৰীৰ ৫১ গৰাকী, দৰঙৰ ১৮ গৰাকী, হাইলাকান্দিৰ ৬১ গৰাকী, কাছাৰৰ ১০৬ গৰাকী, দক্ষিণ শালমৰাৰ ২, নগাঁৱৰ ৬৫ গৰাকী, মৰিগাঁৱৰ ১৪ গৰাকী প্ৰতিনিধিয়ে আয়োগক তেওঁলোকৰ ওজৰ আপত্তিৰ বিষয়ে জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6b92e684-4682-4010-a161-9e3eb2987568/1a19d761_a7a8_407c_a793_ce930f7db1ec.jpg)
২১ জুলাইতো ল'ব শুনানি
সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৩ দিনীয়া শুনানি গ্ৰহণৰ বাবে গুৱাহাটীলৈ আহিছে নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দল।এই শুনানিত ৰাজ্যৰ ৰাষ্ট্ৰীয়, ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দল, সামাজিক সংগঠন, জাতীয় সংগঠনৰ উপৰিও বিভিন্ন ব্যক্তিৰ মতামত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।
উল্লেখ্য যে, প্ৰথম দিনা ২১৭ জন প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰিছিল নিৰ্বাচন আয়োগে। ইয়াৰোপৰি সেইদিনাই ৯খন জিলাৰ প্ৰতিনিধিৰ সৈতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত কথা পাতিছিল নিৰ্বাচন আয়োগে। সেই জিলা কেইখন আছিল- কামৰূপ(মঃ), পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা, ডিমা হাচাও, ওদালগুৰি, কাৰ্বি আংলং, কোকৰাঝাৰ।
২১ জুলাইতো পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ আযোগে শুনানি গ্ৰহণ কৰিব। এই শুনানিত অংশ ল'ব তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, চৰাইদেউ, আৰু মাজুলী জিলাৰ প্ৰতিনিধিয়ে।
Also Read: জলপ্ৰলয়ত স্থবিৰ তীৰ্থযাত্ৰীৰ খোজ...