দুদিনায়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

সমাগত নাগালেণ্ড বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে বহু নেতাৰ সোঁত বৈছে ৰাজ্য খনলৈ।

author-image
Asomiya Pratidin
New Update
দুদিনায়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

ডিজিটেল ডেস্ক: সমাগত নাগালেণ্ড বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে বহু নেতাৰ সোঁত বৈছে ৰাজ্য খনলৈ। ইয়াৰ মাজতে ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আহিব নাগালেণ্ডলৈ। এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব শ্বাহে।

Advertisment

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ আহিব শ্বাহ। তেওঁ নাগালেণ্ডৰ উপৰিও মেঘালয়ৰ শ্বিলঙৰ এক নিৰ্বাচনী সভাও সম্বোধন কৰিব।

নাগালেণ্ডৰ এগৰাকী বিজেপি নেতাই কয় যে,"শ্বাহে গুজৰাটৰ দৰেই নাগালেণ্ডৰ বিজেপি কৰ্মী সকলৰ মনোবল বঢ়াবলৈ আহিব। আমি নিশ্চিত যে নাগালেণ্ডৰ জনসাধাৰণৰ বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা আছে।

ইয়াৰ পূৰ্বে বুধবাৰে বিজেপিয়ে উত্তৰ-পূবৰ ৰাজ্যখনত ইয়াৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে এখন চুটি ছবি মুকলি কৰে - 'নাগালেণ্ডক বিজেপিৰ প্ৰয়োজন'।

৬০ জনীয়া নাগালেণ্ড বিধানসভাত ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আনহাতে ভোটগণনা ২ মাৰ্চত গ্ৰহণ কৰা হ'ব।

আৰু পঢ়ক: 'তোমাৰ বাবে মৰিবও পাৰিম'-লগে লগে ফাৰুক আলমে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

amit shah meghalaya nagaland