'তোমাৰ বাবে মৰিবও পাৰিম'-লগে লগে ফাৰুক আলমে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে।

author-image
Asomiya Pratidin
New Update
'তোমাৰ বাবে মৰিবও পাৰিম'-লগে লগে  ফাৰুক আলমে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

ডিজিটেল ডেস্ক: কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ভেলেন্টাইন ডেৰ দিনা স্বামীয়ে এক প্ৰশ্ন কৰিছিল পত্নীক।

Advertisment

অভিযুক্তই পত্নীক প্ৰশ্ন কৰিছিল যে, তুমি মোৰ প্ৰেমৰ বাবে কি কৰিব পাৰিবা। তেতিয়া পত্নীয়ে উত্তৰ দিছিল যে মৰিবও পাৰিব। তাৰ পাছতেই অভিযুক্তই এতি নৃশংসভাৱে হত্যা কৰে পত্নীক। অৱশেষত এই ঘটনা পোহৰলৈ অহাৰ পাছত অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জনাই যে, পেচাত চিকিৎসক মহম্মদ ফাৰুক আলমৰ উত্তৰ প্ৰদেশৰ বিথৰী চেনপুৰত ক্লিনিক আছে। মহম্মদ ফাৰুকৰ নিজৰেই পত্নীৰ ভনীয়েকৰ সৈতে সম্পৰ্ক আছিল। কিন্তু পত্নী নচৰিণৰ বাবে তেওঁলোকে বিয়া হ'ব পৰা নাছিল।

আটক হোৱাৰ পাছতেই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে অভিযুক্তই। তেওঁ কয় যে প্ৰথমে ডিঙি চেপি হত্যাৰ চেষ্টা চলাই আৰু পৰৱৰ্তী সময়ত চুৰিৰে আঘাত কৰি হত্যা কৰে পত্নীক।

ইয়াতেই ক্ষান্ত নাথাকি নিজকো আহত কৰে ফাৰুকে আৰু ঘটনাতো লুটৰ ঘটনা বুলি কয়। কিন্তু আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ আহে।

আৰু পঢ়ক: শিক্ষক উৎপল কুমাৰ ভূঞাৰ মৃত্যু

crime