/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/807632-amit-shah-file-photo.jpg)
amit shah
ডিজিটেল ডেস্ক: তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰে সন্ধিয়া মণিপুৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। তাৰপাছতেই শুকুৰবাৰে মণিপুৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব শ্বাহে লগতে উদ্বোধন কৰিব উত্তৰ পূৱৰ প্ৰথম খন অলিম্পিক পাৰ্ক।
মণিপুৰ চৰকাৰৰ দ্বাৰা নিৰ্মিত, উত্তৰ-পূবৰ প্ৰথম অলিম্পিক পাৰ্ক সংগাইথেলত নিৰ্মাণ কৰা হৈছে। মণিপুৰে অলিম্পিকত বিভিন্ন সময়ত ভাগ লৈ আহিছে আৰু উত্তৰ পূৱক গৌৰৱান্বিত কৰিছে।
এই পাৰ্ক খনত ৰাজ্যখনৰ ভৱিষ্যতৰ অলিম্পিয়ান সকলৰ প্ৰতিমূৰ্তিও থাকিব। পৰৱৰ্তী সময়ত জুডো, ভাৰোত্তোলন আৰু বক্সিঙৰ বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰও উদ্যানখনত স্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ইয়াৰোপৰি আৰু কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। ১৩১১ কোটি টকাৰ ২১টা ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
আৰু পঢ়ক: ভাৰত-ম্যানমাৰ সীমান্তত ইউ এন এল এফ দুই শীৰ্ষ নেতাক গুলীয়াই হত্যা